পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া খাদ্যৰ গুণাগুণ গাখীৰ অনেক লাগতীয়াল বস্তু খাবলৈ নাপায়, তথাপি এওঁবিলাকৰ শৰীৰৰ গঠন দৃঢ় আৰু নিখুঁত হোৱাৰ ইৰো এটা ঘাই কাৰণ। ভাতৰ বাহিৰে অসমীয়াই চাউলৰপৰা তৈয়াৰ হোৱা পিঠা, পিঠাগুৰি, কোমল-চাউল, আখৈ, চিৰ৷, সান্দহ আৰু কড়াই ( মুৰী), জলপানৰূপে ব্যৱহাৰ কৰে। এইবোৰৰ ভিতৰত আথৈছে সহজে হজম হয়। চিৰা, পিঠা, সান্দহ আদি খাদ্যবোৰ ভালকৈ চোবাই খাবলৈ বাধ্য হোৱাৰ কাৰণে, চোবোৱাৰ সময়ত বেচিকৈ মুখৰ লালতি ৰস ওলাই আহাৰৰ লগত মিহলি হয়; আক তাৰ কাৰণেই সেইবোৰ অলপ গুৰুপাক হলেও, সহজে হজ হব পাৰে। কোমল-চাউল, চিৰা, সান্দহ, আথৈ, পিঠাগুৰি, আৰু কড়াইত তৰত দিয়া উপাদানবোৰৰ পৰিমাণ প্ৰায় একেই থাকে। শতকৰ৷ আমীষ শালি "" "} ৮২*৪ ১৩ লোণ ১২.২ পানী "} কোমল-চাউল আৰু পিঠাগুৰিত পানী অলপ বেচি থাকে, আক আমীৰ্ষ আৰু শালিত সেই অনুযায়ী কম থাকে। এইবোৰ খাদ্যৰ লগত অসমীয়াই প্ৰায়েই গাখীৰ, দৈ-গাখীৰ, গুড, লোণ, কল আদি মিহলাই সোৱাদ লগাই খায় বুলিয়েই আমাৰ শৰীৰ পুষ্টিৰ আৱশ্যকীয় সকলে৷ উপাদানেই ভালকৈ শৰীৰৰ ভিতৰলৈ যায়। গতিকে, ভাত নাথায়ো অসমীয়াই এইবোৰ জলপানেৰে অনায়াসে শৰীৰ সৱলকৈ ৰাখিব পাৰে। এই ধৰণৰ খাদ্যত খাদ্যপ্ৰাণ যিখিনি থাকে, সি নষ্ট নহয় বৰং স্বাভাবিক বা কেঁচা অৱস্থা থকা কাৰণে সিজোৱা বা ৰন্ধা বস্তুতকৈ বেচি পুষ্টিকৰ আক বল- কাৰক। এইবোৰ জলপানৰ বাহিৰে, মোহনভোগ, লুচি, কচুৰী, মিঠাই, বিস্কুট আদি জলপানত খাদ্যপ্ৰাণ একেবাৰে নাই বুলিলেই হয়। গতিকে, অসমীয়াৰ কেঁচা (ভাইটামিন্) জলপান বঙালীৰ জলপানতকৈ বহুত গুণে পুষ্টিকাৰক। তদুপৰি অসমীয়া জলপান তৈয়াৰী কৰাত খৰছে৷ কম হয়। এবাৰ তৈয়াৰ কৰি ললে বেচি দিনলৈ সাঁচিথৈ থাব পাৰি, আৰু প্ৰায়বোৰ জলপানেই, বাটে-ঘাটে-পথাৰে, সকলো ঠাইতে সহজে আৰু সোনকালে তৈয়াৰ "