পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সগ্ৰহ জীণ নিত্তৱা টান। সেই কাৰণেই নতুন চাউলৰপৰা কিছুমানৰ পেটৰ অসুখ হোৱা দেখা যায়। উতলা চাউলত খাদ্যপ্ৰাণ ভালকৈয়ে থাকে। তৈয়াৰ কৰাৰ অসুবিধা গতিকে আমাৰ মাজত উহুৱা চাউলৰ প্ৰচলণ প্ৰায় নাইকিয়া যেন হৈছে; কিন্তু উহুৱা চাউল ব্যৱহাৰ কৰ৷ বহু প্ৰকাৰে হিতকৰ। চাউল ভালকৈ সিজালে সহজেই জীৰ্ণ যায়। ভাতৰ প্ৰায় গোটেই অংশই পাকস্থলী আৰু অস্ত্ৰৰ পৰ৷ শোষিত হৈ শৰীৰৰ ভিতৰলৈ যায়। ভাতেই অসমীয়াৰ প্ৰধান আৰু প্ৰিয় খাদ্য। এপোৱ৷ চাউল ৰান্ধিলে তিনিপোৱ৷ ভাতত তলত লিখা উপাদানবোৰ পোৱা যায়। ভাত হয়। শতকৰা (o আমীষ ( Protein) শালি (Carbohydrate ) লোণ (Salt ) পানী ২৮ 09'2 ০.২৮ ৩৯৭২ ভাতত আমীষ আৰু লোণজাতীয় বস্তু কম থকাই আৰু স্নেহ নথকাই, অকল ভাতক নাথাই তাৰ লগত শৰীৰৰ গঠনৰ অত্যন্ত আৱশ্যকীয় উপাদান থকা দাইল, মাছ, গাখীৰ, ঘিউ, শাক-পাচলি ইত্যাদি খোৱা উচিত। কিছুমানৰ বিশ্বাস যে ভাতৰ নিহনী পেলাই দিলে ভাতৰ বহুত সাৰ অংশ এনেয়ে পেলনি যায়। ই একেবাৰে সঁচা নহয়। নিহনীত লোণজাতীয় উপাদান অধিক নষ্ট হলেও, খাঘপ্ৰাণ বিশেষ নষ্ট নহয়। নিহনীত তলত দিয়া উপাদান থাকে। আমীষ শালি লোপ পানী 2) "" "} "2 2) o't ১°৪ ৯৭°৫ থা্যপ্ৰাণে৷ কিছু পৰিমাণে থাকে। নিহনীৰ সেইখিনি উপাদান পেলনি নোযোৱাবলৈ হলে, কমকৈ পানী দি চাউলত ঢাকনি দি ভাপত সিজাই লব লাগে। এই বিষয়ে আমাৰ দেশৰ মণিপুৰী, খাচীয়া, গিৰী, নগা, গাৰে৷ আদি সম্প্ৰদায়বোৰৰ ভাতৰন্ধা নিয়ম, আমাতকৈ ভাল। তেওঁলোকৰ নিহনী নেপেলোৱাকৈ ভাতৰন্ধা প্ৰণালীত খাদ্যপ্ৰাণ বিশেষ নষ্ট নহয়। যদিও এওঁলোকৰ প্ৰায় লোকেই ঘিউ, চেনি,