পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া খাদ্যৰ গুণাগুণ থাঘৰ ওপৰতেই জাতিৰ গঠন আৰু স্বাস্থ্য নিৰ্ভৰ কৰে। খাদ্যৰ দোষতেই সাধাৰণ আৰু নিয়মিয়া আহাৰ খাওঁতা দুখীয়া খেতিয়ক ব' বহুৱাতকৈ অৱস্থাপন্ন গুৰুভোজী মানুহেই নান৷ প্ৰকাৰ ৰোগত ভোগে। খাদঘৰ দোষতেই অজীৰ্ণতা, কোষ্ঠবদ্ধতা (শৌচ কচা), নানাপ্ৰকাৰ শূলবেদনা ( Renal Colic, etc.) বাত, বহুমূত্ৰ, স্থূলতা প্ৰভৃতি ৰোগৰ উৎপত্তি হয়। আমাৰ অসমৰ পূৰ্ব্বাপৰ চলিত খাদ্যতকৈ পছিমীয়া ধৰণৰ মচলাযুক্ত গুৰুপাক খাঘৰপৰা এনেবিধৰ ৰোগ বেচিকৈ হোৱা দেখা যায়। বহুত অসমীয়াই বঙালী ধৰণৰ খাদ্য গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰে, আৰু অসমীয়া ৰান্ধনীয়েও বঙালী খাদ্য ৰান্ধিব জনাতো গৌৰৱৰ কথা বুলি ভাবে। এইবোৰ দোষতেই, বঙালীৰ দৰে অসমীয়ায়ো ওপৰোক্ত ৰোগত ভূগিৰ ধৰিছে। আমাৰ অসমত, অনেক শিক্ষিতলোকে অসমীৰা খাদ্য সম্বন্ধে কিছুনান ভুলধাৰণ৷ ৰথা দেখা যায়। অসমত বোধকৰে। সেই কৰণেই বহুতে অসমীয়া খাদ্য অৱহেলা কৰি, পছিনীয়৷ আৰু ইংৰাজি খাদ্যৰ বেচি পক্ষপাতি হব ধৰিছে। বেলেগ বেলেগ খাঘৰ গুণাগুণ আৰু সেইবোৰৰ ক্ৰিয়া সম্বন্ধে জ্ঞানৰ অভাৱেই তেওঁলোকৰ এই ভুলধাৰণাৰ কাৰণ। এই ভুলধাৰণ৷ গুচাবলৈ, অসমীয়া প্ৰধান খাদ্যবিলাকৰ বসায়নিক বিশ্লেষণ কৰি চমুকৈ আলোচনা কৰাই এই প্ৰৱন্ধৰ ঘাই উদ্দেশ্য। খাদ্যৰ গুণাগুণ নিৰ্দ্ধাৰণ কৰিবলৈ হলে সেইবোৰৰ ৰসায়নিক বিশ্লেষণৰ ফল জনা আৱশ্যক। শৰীৰ সুস্থ আৰু পুষ্ট কৰি ৰাখিবলৈ হলে, আমাৰ খাদ্যত তলত লিখা উপাদানবোৰ থকা অত্যন্ত দৰ্কাৰ। সেইবোৰৰ নিদিষ্ট পৰিমাণৰ তাৰতম্যৰ পৰাই শৰীৰ ৰুগীয়া ব| দুৰ্ব্বল হয়। ইহঁতক সাধাৰণতে ছয় ভাগে বিভক্ত কৰা হয়। যেনে :- -: (1) আমীৰ্ষ ( Protein), ( 2 ) শ্বেতসাৰ বা শালিজাতীয় ( Carbohydrate ); (৩) স্নেহ বা চব্বিজাতীয় ( Fat ), ( 8 ) লোণ জাতীয় (Salt ), ( ~ ) পানী আৰু ( ৬ ) খাদ্যপ্ৰাণ (Vitamin ),