পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস 89 বৃত্তিৰ সম্পৰ্কত বোধৰ আৰু এটা অনুক্ৰম আছে। সেই অনুক্ৰমটে৷ এই, মই-নহয়ৰ ভিতৰলৈ সোমাই জীৱনৰ একত্ব অনুভব কৰা ৰোধৰ ফলত মইয়ে বুদ্ধিৰ মাজে দি কম কিম্বা বেচি পৰিমাণে মই-নহয়বিলাকৰ ভিতৰত আৰু সেইবিলাকৰ লগত নিজৰ ঐক্যভাব স্থাপনৰ চেষ্টা কৰে। মইৰ বোধত মই-নহয় বিলাকৰ আৰু সিবিলাকৰ লগত নিজৰ ঐক্যভাবেই হৈছে ব্যৱহাৰিক জীৱন। এই ঐক্যভাব স্থাপন কৰোতে আকৌ অনৈক্যভাবৰ সৃষ্টি হয় কাৰণ বৃত্তি- বিলাক হৈছে বহুত্ব সৃষ্টি কৰা গতিকে ক্ৰমাৎ বহলহৈ যোৱা এই ঐক্যভাবৰ বিৰোধী। তদুপৰি বৃত্তিয়ে কেৱল লাগি থাকিব খোজে সেইখিনি ঐকাভাবত বিখিনি ইতিপূৰ্ব্বেই মইয়ে বৃত্তিত প্ৰতিষ্ঠা কৰিছে। এই দৰে জীৱন মূলতঃ ঐক্যভাবাপন্ন হলেও তাত অনৈক্যৰ ঢৌ উঠি থাকে যদিও ঐক্যভাবৰ সুতাই ভিতৰেদি অনৈক্যৰ ঢৌবোৰক নালা গাথি ৰাথে। বোধ হৈছে মূলতঃ নই নইত থাকে, মই মই বুলি বোধ কৰে আৰু মই-নহয়ৰ লগত একাত্মতা অনুভব কৰি জীৱনৰ লগত একে হৈ থাকে। ইফালে মইয়ে মই নহয়ক আয়ত্ত কৰিবলৈ মই-নহয়ৰফালে গতি কৰাৰ ফলত মইৰ বোধে আইন গঢ় লয়। মইৰ মূল বোধখিনি মই-নহয় বিলাকৰ ভিতৰত ঐকাভাব স্থাপনৰ কাৰণে বিভিন্ন ধাৰাত বুদ্ধিৰ ভিতৰেদি বৈ আহে। সেয়ে হৈছে মইব মই-নহয় বিষয়ক বা বস্তু সম্বন্ধীয় বোধবোৰ। এই বোধবোৰত চিন্তা আৰু সত্তা বা সত্য একে। বস্তুবিষয়ক বোধবোৰে কিন্তু বুদ্ধিৰ ধাৰণাতহে প্ৰকাশিত হয় অৰ্থ এই বোধবোৰত বোধ আৰু বুদ্ধি মিলিত হয়। মইয়ে অন্ত দৃষ্টি কৰি মইক চালে মাত্ৰ মইক দেখে, অকল অস্তিত্ব বোধ কৰে, অস্তিত্বৰ ভিতৰলৈ চাব খুজিলে কেবল এক জীৱন দেখে কাৰণ অস্তিত্বই জীৱন৷ একৰ চিন্তাই বিশ্বৰ জীৱন একৰ এই চিন্ত৷—“আছে৷— জানে।—আনন্দ। চৈতন্য আৰু অচৈতন্যৰ ভিতৰত মই বহু।” মইয়ে মই নহয়ৰ ভিতৰত সোমালেও সেই এক জীৱন দেখে। এফ, এক, এক।