পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহোমৰ সামাজিক কথা ৰাজবংশী আহোমৰ সামাজিক আচাৰ ব্যৱহাৰ আদি ৰাজকীনিয়মে চলিছিল। আহোম পৰিয়ালৰ ডাঙৰ ঠাল সকলো অৱস্থাতে ডাঙঙ্গ। অৰ্থাৎ ককায়েকৰ সতি-সন্তান ভায়েকৰ সন্তান আদিতকৈ, বয়সে সক হলেও, নিচাও দেৱাকৰ ( বৰপিতাকৰ ) পুতেকক ককাইদেউ বুলিব লাগে। আহোমৰ ভিতৰত এই নিয়ম এতিয়াও প্ৰচলিত। টাই জাতীয় আহোমৰ বিবাহ-কাৰ্য্য গান্ধৰ্ব্ব প্ৰথাৰে সম্পাদিত হয়; আহোম ভাষাত তাক ‘চকলং’ বোলে। আজি কালি, লোকদৰ্শক সম্প্ৰদানাদি কাৰ্য্য প্ৰকাশ্যে সমাধা হোৱাৰ পাছত, চক্‌লঙ্গৰ কাৰ্য্য আবুৰত সম্পাদন কৰা হয়। দৰা কন্যাৰ আপোন জ্ঞাতিৰ দুজন বুৰঞ্জী- বিজ্ঞ বা পূৰ্ব্বপুৰুষৰ কথা জন! মানুহত বাজে, আনে এই কাৰ্য্যৰ ভাগ নাপায়। চকুঙ্গৰ আধ্যাত্মিক লক্ষ্য অতি ওথ। ইয়াত দৰা-কন্যাই বিয়াৰ নোৱনি কেইদিন হাতত লোৱা আঙ্গঠি, কটাৰি, তামোল ইত্যাদি আহোম বিয়া-বিধিমতে সালসলনি কৰাই, সৃষ্টি পাতনৰ উপদেশ-মস্ত্ৰেৰে দুইৰে৷ দেহ- মন-প্ৰাণ একেটা ভাৱত ৰখা হয়, আৰু সেই অনুযায়ীকৈ দুই অৰ্দ্ধাঙ্গক মিলাই এক পূৰ্ণাঙ্গ কৰাৰ ধৰ্ম্মোপদেশ দিয়া হয়। এই আধ্যাত্মিক উপদেশ আহোম পণ্ডিত দেওধাই, কিম্বা তেওঁৰ অভাবে, এজন বিজ্ঞ জ্ঞাতিৰ মুখে দিয়! হয়। চক্লং প্ৰক্ৰম। যি ব্দেীৰ প্ৰাস্তুত কন্যাক উপবিষ্ট কৰাই, পোন্ প্ৰথমে মূবত্ত তেল দিয়াৰে পৰা গাঁঠিয়ন খুন্দাৰ শেষলৈকে বিদা-যজ্ঞৰ আগলী প্ৰক্ৰিয়াৰ সমাধান কৰা হয়, তালৈকে দৰাক নি, কন্যাৰ সোঁৱে কাষতে আসন পাৰি উপবিষ্ট কৰাব। বেদীৰ সমুখত ১০০ টা ঠাকেৰে সোণৰ বা ৰূপৰ বা পিতলৰ বা কাঠৰ গছাত ১০৮ টা চাকি চোমদেৱ প্ৰমুখ্যে ১০৮ জনা দেৱতা উদ্দেশি জন্সিব। গছাৰ সমুখত অষ্টচক্ৰবাহু মৰল দিয়া ভূমিৰ ওপৰত, জোৱাই বৰণৰে সৈতে কাপোৰ-কানি, বৰণ-মাল৷ আৰু দুটা গাৰুচক্ ভৰাই এখন শৰাই কন্যাকৰ্ত্তা বা কন্যাধৰা জ্ঞাতি-গুৰুজনাই সম্ভ্ৰমে থব; সেই অনুক্ৰমেই দৰাৰ ফালৰ পৰাও কন্যাৰ উদ্দেশে অনা সঁজুলিৰে সৈতে এখন শৰাই পাতিব। তেনেতে উভয়ৰে, মধ্যস্থ হৈ দেওধাই পণ্ডিতে, তেওঁৰ অবিহনে, এজন বুৰঞ্জী-