পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ i (খ) সমালোচনামূলক পদ্ধতিৰ মূল যুক্তি এই যে সমালোচনা দ্বাৰ৷ জ্ঞানৰ উৎপত্তি স্বভাৱ আৰু সীম৷ নিৰ্দ্ধাৰণ নকৰিলে দাৰ্শনিক চিন্তাবোৰৰ পৰিসৰ ঠিক নহয় আৰু তেনে অৱস্থাত দৰ্শনে নেযাব লগা ঠাইলৈকেও যাব পাৰে ক্যান্টৰ এই পদ্ধতিতে মানুহৰ জ্ঞানৰ সমালোচনা কৰিলে দেখা যায় জ্ঞান অকল বাহিৰ৷ অভিজ্ঞতামূলকো নহয়। অভিজ্ঞতামুলক আৰু মনোমূলক মৌলিক অংশ দুৰোটা জ্ঞানত আছে। অভিজ্ঞতামূলক (a posteriori ) অংশটোক জ্ঞানৰ মাটি আৰু মনোমূলক ( a priori ) অংশটোক জ্ঞানৰ সাঁচ বুলিব পাৰি। বাহ্যিক অভিজ্ঞতাই অৰ্থাৎ ইন্দ্ৰিয়ে প্ৰত্যক্ষ কৰা বহুত্বই মাটি যোগায় আৰু মনে সেই মাটিক সাঁচ দিয়ে। যিহেতু ক্যাপ্টে ইন্দ্ৰিয়ৰ অভিজ্ঞতা- মূলক জ্ঞানৰ য়াটি আৰু মনোমুগক জ্ঞানৰ সঁচৰ পাৰ্থক্য কৰিছে আৰু কৈছে যে মনে সাঁচ দিয়ে কিন্তু মাটি বাহিৰৰপৰ। আহে সেইগুণে দেখা যায় মানুহৰ মনৰ বাহিৰত অমানসিক জগত এখন আছে য'ত বস্তুবোৰ আচলতে যেনে তেনে থাকে। এই বস্তুবোৰ-যেনে-তেনে জগতখনে ইন্দ্ৰিয়ৰ ভিতৰৰ মনৰ ওপৰত যি প্ৰভাব বিস্তাৰ কৰে তাৰপৰ৷ অভিজ্ঞতামূলক জ্ঞানৰ মৃত্তিকা হয় আৰু এই জ্ঞান মৃত্তিকাক দেশ আৰু কালৰূপ সহজ জ্ঞানৰ সাঁচত পেলাই চিন্তাৰ সাঁচে জ্ঞানৰ উৎপত্তি সম্ভৱ কৰে। গতিকে বস্তুবোৰ যেনে তেনে জগত্খনক বা অমানসিক সতাক তাৰ আচল স্বভাবত মনে কেতিয়াও জানিব নোৱৰে। আমি নৌমেনা বা বস্তুবোৰ যেনে-তেনে জানিব নোৱাৰোঁ; আমি কেবল জানো ফেনোমেনা অৰ্থাৎ বস্তুবোৰ ইন্দ্ৰিয়ৰ ভিতৰেৰে মনোমূলক সাঁচত যিদৰে আমাৰ ওচৰত প্ৰতিভাত হয়। এই যে বস্তুবোৰ যেনে-তেনেক জানিব নৌৱৰ৷ অথচ মনোমূলক সাঁচদি তাক জানিবপৰ| ইয়াক অদ্বৈতবেদান্তও শঙ্কৰাচাৰ্য্য্যে অধ্যাস বা মায়া বুলিছে। ইয়াক জানিবপৰা বা জানিব নোৱৰা কোনোটোৰ ঠিক নিৰূপণ নহল। বস্তুবোৰ যেনে-তেনেক একেবাৰে জানিব পৰাও নহল, ই একেবাৰে অজ্ঞাতও নহল। এইয়ে মায়া। ফেনোমেনাক মায়া বোলা ভুল। কাৰণ মায়া মানি ললেহে ফেনোমেনা বা জগৎপ্ৰপঞ্চ জ্ঞানৰ বিষয়ীভূত হয়। আকৌ ক্যান্টৰ নৌসেনাক যেন কেৱে বেদান্তৰ ব্ৰহ্ম বুলি নেভাবে কাৰণ বস্তুবোৰ-যেনে-তেনেক অদ্বৈতবেদান্তৰ এক বুলিবলৈ যুক্তি পোৱা নেযায়। 8⁰ ক্যান্টমতে যদিও বস্তুবোৰ-যেনে-তেনেক জানিব নোৱাৰি (এই ভাবত ক্যান্টৰ মতক যুক্তিযুক্ত অজ্ঞয়তাবাদ বোলে ) তথাপি প্ৰকৃতি বা ফেনোমেনাৰ