পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস কথাৰ মূল ভেটি আছে। কাইবেলিয়ন বা হাৰ্মিছৰ দৰ্শনতে কৈছে, বিশ্ব মানসিক। এইবিলাকমতে একৰ চিন্তাই বিশ্বৰ অস্তিত্ব। চিন্তাই অস্তিত্ব। হিগেলৰ মতে চিন্তা তাত্ত্বিকবিৰোধ সমন্বয়াত্মক প্ৰণালীৰ ভিতৰেৰে প্ৰকাশিত হয় আৰু বাঢ়ে। কোনো এটা চিন্তাৰ ঠিক বিৰোধী চিন্তাৰ সম্পৰ্কত হৈ আমি সেইটোৰ অস্তিত্ব থকা বুলি ভাবিব পাৰে। আৰু তাক বুজি পাওঁ, যেনে গতি স্থিতি, এন্ধাৰ পোহৰ ইত্যাদি। অৰ্থাৎ ক-নহয় আৰুক উভয়ে অনুবন্ধী বা পৰস্পৰাপেক্ষী। এতিয়া ক-নহয় থিনিক যদি খ বোলে৷ তেনে হলে আমি দোখে৷ যে ক আৰু খৰ সন্মিলনভূমি গ বুলি যদি কোনো কিছু নাপাওঁ তেনেহলে চিন্তাৰ আৰু বাঢ়িবৰ কোনো উপায় নাথাকে। গতিকে গমিলনভূমি উলিয়াই ক আৰু খ তাৰ অংশ বুলিব পাৰি এই গ মিলন- ভূমি বা সন্মিলনত ক আৰু খ গৰ লগত একে হৈ নেযায় অথচ ইয়াত ক থাকিলে খ ও থাকিব; গতিকে ক আৰু খৰ পূৰ৷ সমন্বয় অইন এটা উচ্চতৰ একত্ব খত হব; গ আৰু ঘৰ সমন্বয় তাতকৈ উচ্চতৰ ঙত হব। এনেকৈ গৈ গৈ আমি এটা নিৰপেক্ষ সমন্বয় পাওঁ যত সকলো প্ৰকাৰ বিৰোধী চিন্তাৰ সমন্বয় হয়। ( বৈশেষিক দৰ্শনৰ সপ্তম পদাৰ্থৰ বৰ্ণনাত ইয়াতকৈও জটিল কথা কৈছে। এই সপ্তম পদাৰ্থ হৈছে অভাব বা অনস্তিত্ব। এই অনস্তিত্ব চাৰি ৰকমৰ, যথা :— (1) অভাব যাৰ আদি নাই কিন্তু অন্ত আছে (২) অভাব যাৰ আদি আছে কিন্তু অন্ত নাই (৩) অভাব বাৰ আদিও নাই অন্তও নাই (8) অভাব যাৰ কোনো নিৰাকৰণ নাই।) প্ৰত্যেক শাস্ত বস্তুৱে নিজৰ অস্তিত্বৰ কথা জনোৱাৰ লগে লগে তাৰ বিৰোধী বস্তুৰ অস্তিত্ব টানি আনে। জগৎ অভিব্যক্ত কৰা শক্তিয়ে এই উভয় বিৰোধী বস্তুক এটা উচ্চতৰ একত্বত একেলগে মিলাই ৰাখি তাৰ অংশৰূপে কাম কৰাই ইহঁতৰ সমন্বয় কৰে। এইদৰে পূৰ্ব্বপক্ষ ( thesis ), প্ৰতিপক্ষ (antithesis ) আৰু সমন্বয় (synthesis ) এই তিনটাৰ ভিতৰেৰে ক্ৰমবিস্তৃতিয়েই চিন্তা আৰু অস্তিত্বৰ স্বভাৱ। অস্তিত্ব হৈছে বিশ্বশক্তি বা নিৰপেক্ষ চিন্তাৰ অনুস্থাত বা ওতপ্ৰোত বৃদ্ধি বা বিস্তৃতি। যি ক্ৰমবিস্তৃতি প্ৰণালীৰে বিশ্বশক্তিয়ে বিশ্বপ্ৰকাশ কৰে সেই প্ৰণালীৰ মানুহৰ মনত পুনৰোৎপত্তি হয়। গতিকে বিৰোধসমন্বয়াত্মক উপায়ে ধাৰণা বা চিন্তাৰ বিস্তৃতি কৰি অস্তিত্ব জনা সম্ভবপৰ হয়। সকলো বস্তুনিব্বিশেষে অনন্ত নিৰপেক্ষ সত্তাৰ বাস্তৱতা প্ৰকাশক ভাব মাত্ৰ। এই কাৰণে ইয়াক নিব্বিশেষ ভাববাদ বোলে।