পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ কৰিবলৈ ধৰিছে৷ ইয়াৰ ফলত মানুহে অলপ ভাবিলেই চিন্তাশীল হবলৈ বাধ্য হৈছে। এই সকলে। সামৰি লৈ দৰ্শনে আগেয়ে উল্লেখ কৰা পৰিসৰত কাম কৰিবলৈ ওলাই পোন প্ৰথমে এটা কথা জনা বিশেষ দৰ্কাৰ বুলি কয়। সেই কথাটে। এই, জ্ঞান কি আৰু তাক অৰ্জন কৰা হয় কেনেকৈ? দৰ্শনৰ যি ভাগত এই কথাৰ নিষ্পত্তি কৰিবৰ চেষ্টা কৰা হয় তাক জ্ঞাননিৰ্ণয় ( Epistemology ) বোলে। এইদৰে জ্ঞান নিৰ্ণয়কে আদিকৰি আন আন বিষয়ৰ সম্বন্ধত দৰ্শনৰ এইবোৰ বিভাগ ওলাই পৰে:- (১) জ্ঞাননিৰ্ণয়, (২) প্ৰাকৃতিক বিজ্ঞান, (৩) মনোবিজ্ঞান, ( ৪ ) সন্তাবিদ্যা ( Ontology), ( ৫ ) জগৎ উদ্ভৱতত্ত্ব ( Cosmogony), ( ৬ ) সমগ্ৰাংশ সম্বন্ধতত্ত্ব ( Cosmo- logy ), ( 1 ) নীতিশাস্ত্ৰ আক (৮) ধৰ্ম্মতত্ত্ব (২), (৩), (৪ ), (৫) আৰু (৬) মিলাই তত্ত্ববিদ্যা ( Metaphysics ) বোলা হয়। এইবোৰ ( বিভাগত দাৰ্শনিক সমস্যাবোৰৰ সমাধান কৰিবলৈ গৈ দাৰ্শনিকসকলে ভিন ভিন পদ্ধতি অবলম্বন কৰিছে :—( ডায়ল্যাক্‌টিক বা বিৰোধ সমন্বয়াত্মক ( খ ) ক্ৰিতিক্যাল বা সমালোচনামূলক ( গ ) এম্পায়াৰিক্যাল বা বাহ্যিক অভিজ্ঞতা- মূলক (ঘ) স্কেপটিক্যাল বা সংশয়াত্মক (ঙ) ভগম্যাটিক বা বুদ্ধি সমালোচনা নিৰপেক্ষ ( চ ) ইণ্টিউল্যানেল বা বোধমূলক (ছ) ইণ্ডিভিজুৱেল বা মইমূলক ( মইত বৃত্তি-বুদ্ধি বোধমূলক )। ( ক ) পৰ৷ (ঙ) পাশ্চাত্য পুৰণি দৰ্শনৰ, (চ) বাৰ্গদলৰ নতুন দৰ্শনৰ, ছ) মোৰ নিজা। এই ক্ষুদ্ৰ প্ৰৱন্ধত প্ৰত্যেক প্ৰৱন্ধ সম্বন্ধে দুই এবাৰতৈকে বেচি কোৱা টান। (ক) বিৰোধসমন্বৰাত্মক পদ্ধতিক পাশ্চাত্য দৰ্শনত চক্ৰেতিছৰ তৰ্কপ্ৰণালীও বোলে। কোনো মানুহক কোনো তত্ত্ব স্বীকাৰ কৰাব লাগিলে চক্ৰেতিছে সেই মানুহক সেই বিষয়ে তাৰ মত শুধি প্ৰশ্নৰ পাচত প্ৰশ্ন কৰি তাক এনে অৱস্থাত আনি পেলাইছিল যে শেষত সি নিজমুখে চক্ৰেতিছৰ মত মানিবলৈ বাধ্য হৈছিল। ( জনক ৰাজৰ্ষিয়ে প্ৰশ্নোত্তৰ পদ্ধতি অবলম্বন নকৰাকৈ কাৰ্য্যকৰী উপায়ে শুকদেবক জ্ঞানৰ বোধ দিছিল।) দাৰ্শনিক হিগেলে চিন্তা আৰু অস্তিত্বমূলত একেবুলি কৈ বিৰোধসমন্বয়া- ত্মক পদ্ধতিক এটা নতুন ধাৰ দিছে। চিন্তা আৰু অস্তিত্ব যে একে ‘যোগ- বাশিষ্ঠত’ অইন কথাৰ ভিতৰত ঠিক এই কথা আছে। উপনিষদতো এই