পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ প্ৰৱন্ধ-সংগ্ৰহ বহিজ গৎ আৰু অন্তৰ্জ গং, মানব আৰু বিশ্ব, বিশ্ব আৰু বিশ্বৰ মূলকাৰণ সম্বন্ধে সম্যক দৃষ্টি। এক সম্যক দৃষ্টি আৰ্জনৰ চেষ্টাত অৱশ্যে জ্ঞানৰ প্ৰতি প্ৰীতি সদায় লাগিয়ে আছে। ইংৰাজী ফিলজফি শব্দে এই জ্ঞান-প্ৰীতিকে বুজায়। ভাৰতীয় আৰ্ধা-বিলাকৰ মতে সত্য সাক্ষাৎ কৰাই দৰ্শন। ত্ৰিবিধ দুখ নাশ কৰা অস্তিত্বময়, চৈতন্যমৰ আনন্দময় সত্তাৰ উপলব্ধিয়েই দৰ্শন। পাশ্চাত্যমতে নিসৰ্গপন্থী আৰু নীতিবিং দুয়ে৷ সত্য বিচাৰে, দুয়ো তথ্য সামঞ্জস্থ্যৰ চেষ্টা কৰে, দুয়ে। প্ৰণালীবদ্ধভাবে চিন্তাৰ ধাৰাব কোনো সংস্থিতি পাতে, গতিকে দুয়ো দাৰ্শনিক। এই ভাবতে দৰ্শনৰ দুটা বিভাগ কৰা হৈছে। নৈসৰ্গিক দৰ্শন বা প্ৰাকৃতিক বিজ্ঞান আৰু মানসিক দৰ্শন বা মনোবিজ্ঞান। কিন্তু দৰ্শন শব্দে বহল অৰ্থত যদিও যি কোনো সত্য অন্বেষণৰ চেষ্টাকে বুজায় তথাপি পাৰিভাষিক শব্দৰূপে ই কেবল সমগ্ৰভাবে বিশ্বক বুজিবৰ চেষ্টাকেহে বুজায়। ' খণ্ড খণ্ডভাবে সত্য নিৰ্দ্ধাৰণৰ চেষ্টা নকৰি কিন্তু খণ্ড খণ্ডভাবে বেলেগ বেলেগ বিজ্ঞানে আবিষ্কাৰ কৰা সত্যবোৰ লগ লগাই সুশৃঙ্খল কৰি ব্যাপক- ভাবে কিছুমান সত্য নিৰ্দ্ধাৰণৰ চেষ্টা কৰি বিশ্বৰ আদি, অন্ত, উদ্দেশ্য, বৰ্ত্তমান সংস্থান গঠন আদি বিষয়ক প্ৰশ্নৰ উত্তৰ উলিৱাই দৰ্শনৰ লক্ষ্য বা পৰিসৰ। এইখিনিতে দৰ্শনৰ নিজা বিশিষ্ট বিভাগৰ বিষয়ে কোনো কথা কোৱাৰ আগেয়ে প্ৰাকৃতিক বিজ্ঞানৰ আধুনিক পৰীক্ষাগাৰত জড় সম্বন্ধে কি ধাৰণা হৈছে আৰু মনোবিজ্ঞানৰ আধুনিক পৰীক্ষাৰ ফল কিছুমান কি হৈছে তাকে চোৱ৷ যাওক। আধুনিক বিজ্ঞানমতে জড় আৰু এতিয়া গোটা পৰমাণুৰ সমষ্টি নহয়। পৰমাণুবাদ উৰি গৈছে। পৰয়াণু বিশ্লেষিত হৈ “প্ৰটোন” আৰু “ইলেকট্ৰন” হৈছে। সিফালে বৈজ্ঞানিকে জড়ৰ যেনেকৈ পৰমাণু ধৰিছে তেনেকৈ শক্তিৰো পৰমাণু কল্পনা কৰিছে। শক্তিৰ পৰমাণুক কোয়াণ- টাম বা ইউনিট বোলে। এক কোয়্যণটামযুক্ত বিদ্যুৎকণিকাই ইলেকট্ৰণ। পৰমাণু আৰু এতিয়া অবিভাজ্য ব্যষ্টি নহয়। সৌৰজগতত গ্ৰহবিলাকে যেনেকৈ সূৰ্য্যক প্ৰদক্ষিণ কৰে পৰমাণুৰূপ সৌৰজগতত ইলেকট্ৰণে প্ৰটোণৰ চাৰিওফালে সেইদৰে বৃত্তাভাষত ঘূৰে। পৰমাণুবিলাক এটি এটি ক্ষুদ্ৰতম সৌৰজগত বিশেষ। ইফালে আকৌ প্ৰটোন ভাঙি নিউট্ৰন আৰু পজিট্ৰণত পৰিণত কৰা হৈছে; আৰু কোনো কোনে! মৌলিক পদাৰ্থৰ পৰমাণু ভাঙি অইন মৌলিক পদাৰ্থৰ পৰমাণু বাহিৰ কৰিছে। এইবিলাকৰপৰা স্পষ্ট অনুমান কৰিব পাৰি যে সকলো পদাৰ্থৰ পৰমাণু বিদ্যুৎকণিকাৰে গঠিত;