পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ Q কৰি থাকে, সেই ত্ৰিবণেশ্বৰ, ত্ৰিলোচন, উদ্ধৃলিঙ্গ ৰুদ্ৰস্বৰূপক নমস্কাৰ। যাত এই চৰাচৰ বিশ্ব লীন হৈ আছে, আৰু যাৰ পৰা ই সম্ভূত হৈছে, সেই সৰ্ব্বময় সৰ্ববস্বৰূপক নমস্কাৰ। হে বিশ্বকৰ্ম্মা! হে বিশ্বাত্মা! তুমি পঞ্চভূতক অতিক্ৰম কৰি নিত্য নিৰ্ম্মক্ত হৈছা, তুমি ত্ৰিলোকৰ ভিতৰত সৰ্ব্বত্ৰ বিদ্যমান হৈ আছা, তুমি ধৰ্ম্মমঘ্ন আৰু প্ৰাণীবোৰৰ সৃষ্টি আৰু সংহাৰ কৰ্ত্তা। মই ভূতাদি কালত্ৰয়ত তোমাৰ অৱস্থিতি দেখিবৰ সমৰ্থ নহওঁ; মাথোন তত্ত্বজ্ঞানৰ দ্বাৰাই তোমাৰ সনাতন মূৰ্ত্তি দেখিছো। তোমাৰ মস্তকৰ দ্বাৰাই স্বৰ্গ আৰু পদ যুগলৰ দ্বালই মৰ্ত্ত বিয়াপি আছে। তুমি ত্ৰিবিক্ৰম সনাতন পুৰুষ। তুমি অতসী পুষ্প সদৃশ, কৃষ্ণবৰ্ণ আৰু পীতবস্ত্ৰধাৰী। তোমাক যি নমস্কাৰ কৰে তাব একো ভয় নাথাকে। এতেকে মই ভক্তিভাৱে তোমাক নমস্কাৰ কৰিছোঁ। কৃষ্ণক এবাৰ ম'থোন প্ৰণাম কৰিলে দশ অশ্বমেধৰ অধিক ফল পোৱা যায়। দশ অশ্বমেধ যজ্ঞানুষ্ঠান কৰোতাৰ পুনৰায় জন্ম হয়, কিন্তু কৃষ্ণক যি এবাৰ মাথোন প্ৰণাম কৰে তাৰ পুনৰ্জন্ম নাই। যি কৃষ্ণব্ৰতপৰায়ণ আৰু যি ৰাতিও উঠি কৃষ্ণক স্মৰণ কৰে, অগ্নিৰ ভিতৰত মন্ত্ৰপুত ঘিউৰ দৰে সি কৃষ্ণৰ শৰীৰত প্ৰবেশ কৰিব পাৰে। হে কৃষ্ণ! তুমি নৰক ভয় নিবাৰক আৰু সংসাৰ-সাগৰ পাৰ হবব এক মাথোন নাও। তুমি ব্ৰহ্মণ্য দেৱ, আৰু গে৷ ব্ৰাহ্মণৰ হিতকাৰী; তোমাক নমস্কাৰ। “হৰি” এই দুটি অক্ষৰ সংসাৰ- শৃঙ্খল ছেদনৰ উপায় আৰু শোক দুখৰ অন্তক স্বৰূপ! সত্য বিষ্ণুময়, জগং বিষ্ণুময়, অৰু নমস্ত বস্তুৱেই বিষ্ণুময়; এতেকে সেই বিষ্ণুৰ প্ৰসাদত মোৰ পাপবোৰ ধিনষ্ট হওক। হে পদ্ম পলাশলোচন! এতিষু এই নৰাধমে অভিলষিত গতি প্ৰাপ্ত হবৰ নিমিত্তে ভক্তিৰে সৈতে তোমাৰ শৰণাপন্ন হৈছে। তুমি তাৰ মঙ্গল কৰ॥ তুমি বিদ্য৷ আৰু তপস্যাৰ উৎপত্তিস্থান আৰু সয়ম্ভূ; এতিয়৷ মোৰ এই কাকূতিত প্ৰসন্ন হোৱঁ৷। বেদ, তপস্যা আৰু :বিশ্ব-সংসাৰ সকলে৷ নাৰায়ণাত্মক! হে নাৰায়ণ! তুমি সদায় সকলে। বস্তুতে বিৰাজমান আছা। এতিয়৷ মোক কৃপা কৰা।” পাণ্ডধেৰে সৈতে শ্ৰীকৃষ্ণ ঠিক এই সময়তে ভীষ্মৰ আগত উপস্থিত হ'ল