পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
দৰ্শনৰ আভাস

মৃত পিতাৰ জনয়ন শক্তিত জীবিত পুত্ৰ উৎপন্ন হোৱাৰ নিচিনা। এনেকুৱা মত যে এফলীয়া কুসংস্কাৰ আৰু চাব পৰা সত্ত্বেও জীৱনৰ তত্ত্ব ফহিয়াই নেচাই কণামুণাকৈ চলাৰ ফল তাত কোনো সন্দেহ থাকিব নোৱাৰে। বোধ হয় ই মিহি জড়বাদৰ মনমোহা মোহিনীমূৰ্ত্তিৰ মিচিকিয়া হাঁহিৰ আকৰ্ষণে মানুহৰ মূৰ ঘূৰাই দিয়াৰ পৰিণাম। যি কোনো এক ৰকমৰ ভেটি নোহোৱাকৈ ঘৰ সাজিব নোৱাৰে, সেইদৰে দৰ্শন নহলে আন জীবিত বিজ্ঞানবোৰক প্ৰাণ সঞ্চাৰ কৰিবলৈও একো নেথাকে।

 মানুহৰ সাধাৰণ বুদ্ধি ফাঁহিয়াই চালেও দৰ্শনৰ উপযোগিতা আমি সহজতে ধৰিব পাৰো। সাধাৰণ বুদ্ধি বোলা গুণটো প্ৰায় এটা উদাহৰণ দি বুজাবলৈ চেষ্টা কৰা হয়। সকলো ভাষাতে চোৱা আৰু দেখা এই দুটা কথা আছে। তাৰদ্বাৰা দৃষ্টিৰ দুটা ৰূপান্তৰক লক্ষ্য কৰা হয়। যি মুহুৰ্ত্ততে আমি চকু মেলি বহিৰ্জগৎ চাওঁ সেই মুহুৰ্ত্ততে সমুখৰ সকলো বস্তু আমাৰ দৃষ্টিগোচৰ হয় আৰু সেইবিলাক বস্তু সম্বন্ধে আমি এটা উপৰুৱা চিত্ৰ লওঁ; কিন্তু সেইবিলাক বস্তু সম্বন্ধে আমি বিশিষ্ট জ্ঞান পাব লাগিলে সেই বস্তুবোৰ আমি এটা এটাকৈ দেখিব লাগিব। ইয়াৰ মানে এই যে অকল চোৱামাত্ৰেই আমি জ্ঞাতভাবে সমুখৰ দৃশ্যৰ সকলোখিনি চিত্ৰ লব নোৱাৰোঁ‌; সেইখিনি কৰিব লাগিলে অংশবিলাক এটাৰ পাচত এটা স্পষ্টকৈ সদাই দেখিব লাগিব। অকল দৃষ্টি শক্তিৰ এই দুই ৰকম জ্ঞান নহয়, যাবতীয় বুদ্ধিবৃত্তিসম্বন্ধীয় জ্ঞানেই এনেকুৱা, গতিকে এইটো বঢ়িয়াকৈ বুজিব পাৰি যে শিশুকালৰ পৰা মানুহৰ ভিতৰত যিবোৰ বহিৰ্জগতৰ চাব অস্পষ্টভাবে বহে তাৰপৰা কিছুমান সাধাৰণ ধাৰণা, বিশ্বাস, ভাব, অনুভব আদি মিলি এটা সমষ্টিৰ সৃষ্টি কৰে যিটোক আমি সাধাৰণ বুদ্ধি বোলোঁ‌।

 এই সাধাৰণ বুদ্ধিৰ দ্বাৰা সন্তুষ্ট নাথাকি মানুহে যেতিয়া উপৰোক্ত “দেখাৰ” নিচিনা চাৰিওফালৰ বস্তুবোৰ স্পষ্টকৈ আৰু ভালকৈ বুজিব খোজে তেতিয়াই দৰ্শনৰ আৰম্ভ হয় বহিৰ্জগতৰ বিষয় বোধ দেখি সদায় মানুহৰ মনত স্বতঃই যিবোৰ প্ৰশ্ন উঠে দৰ্শনে সেইবোৰকে ইচ্ছা কৰি সজাই পুঙ্খানুপুঙ্খৰূপে বিচাৰ কৰিবলৈ চেষ্টা কৰে। গতিকে সাধাৰণ বুদ্ধিত অস্পষ্ট থকা ভাববোৰক মনোযোগ একাগ্ৰ কৰি প্ৰশ্নোত্তৰৰ দ্বাৰা বুজি সুশৃঙ্খল কৰিবৰ যি চেষ্টা সেয়ে দৰ্শনৰ কাম।

 গতিকে দৰ্শন মানে “জিজ্ঞাসা” বা শোধা আৰু এই শোধাৰপৰা