পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

.প্ৰৱন্ধ-সংগ্ৰহ কপনি তোলে। তেওঁ যেন আঙুলিত তিলিকা মাৰি সিদ্ধান্ত কৰে আৰু সেই সিদ্ধান্ত প্ৰায় সফল আৰু চমকলগা হয়। এনেকুৱালোকক তেওঁৰ সিদ্ধান্তৰ বিষয়ে শুধিলে কয়, “অ! সেইটো মোৰ এটা ভিতৰুৱা খুন্দা ( আমেৰিকাৰ কথাত এইটোক hunch বোলে ), মই মোৰ সহজ জ্ঞানৰ প্ৰেৰণাৰ ওপৰত আগ বাঢ়িছিলো।” জন৷ গৈছে আমেৰিকাত এই দৰেই বেচি ভাগ লাখপতি আৰু ক্ৰোড়পতিৰ সৃষ্টি হয়। €8 গতিকে দেখা যায় মানুহৰ কৰ্ত্তব্যৰ ধাৰ৷ নিৰ্দ্ধাৰণত দাৰ্শনিক ভেটিৰ কাৰ্য্যকাবিতা ফটফটিয়াহৈ আছে। সাধাৰণতঃ মানুহে আধুনিক সভ্যতা কুসংস্কাৰবৰ্জিত বৈজ্ঞানিক জ্ঞানদীপ্ত সভ্যতা বুলি দত্ত কৰে। কিন্তু দৰ্শনৰ নাম শুনিলে মানুহৰ কুসংস্কাৰ (prejudice) জাগি উঠে কিয়? সেইটো মূৰ্খতা নহয় নে? দৰ্শনৰ কাৰ্য্যকাৰিতা দেখি দৰ্শনক কেৱল অলাগতীয়াল কল্পনা বা কিছুমান উপপত্তি মাথোন বুলি হেয় জ্ঞান নকৰি কুসংস্কাৰ এৰি বৰ্ত্তমান সভ্য শিক্ষিত মানুহে দৰ্শনৰ ওচৰত কৃতজ্ঞ হোৱা আৰু দৰ্শনক সাবটি ধৰা উচিত। দৰ্শনক উপপত্তি বুলিলেও তাৰ এটা মূল্য আছে। উপপত্তি নোহোৱাকৈ কাৰ্য্যকাৰী বিজ্ঞানে আগ বাঢ়িব নোৱাৰে। বিজ্ঞানেও কিছুমান অৱস্থাৰ ভিতৰেৰে গৈ হে শেষত কাৰ্য্যকাৰী হয়। পোনতে বিজ্ঞানৰ কাম হৈছে তথ্য গোটোৱা, তাৰ পাচত সেই তথ্যবোৰৰ ওপৰত এটা উপপত্তি ঠিয় কৰা; শেষত সেই উপপত্তি আন তথ্যৰ সহায়ত পৰীক্ষা কৰি চাই তাক গ্ৰহণ কিম্ব৷ ত্যাগ কৰা; গ্ৰহণ কৰিলে তাৰ ফল কাৰ্য্যকাৰীভাবে কামত খটোৱা। এই দৰে কাৰ্য্যকাৰী হোৱাই বিজ্ঞানৰ মহিমা। গতিকে তৎক্ষণাৎ কাৰ্য্যকাৰিতা জনয়ন কৰিব নোৱৰাৰ বাবে উপপত্তিকাৰীক হাঁহিয়াৰ পাত্ৰ কৰাটে৷ যুক্তি বিগৰ্হিত। প্ৰথমে উপপত্তিঠিক নহলে উপযোগীতাবাদী সকলে ঠিয় হৈ কাম কৰিবৰ কোনো ভেটি নাথাকে। কত জীৱনৰ পৰ্যবেক্ষণৰ ফলত, কত উপপত্তিৰ অভ্যুদয়ৰ ফলত হে আজি নাবিকে কাৰ্য্যকৰী ভাবে জ্যোতিবিজ্ঞান ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে। কম বা বেচি পৰিমাণে আন বৈজ্ঞানিক বিষয়ৰে৷ কথা তেনেকুৱা। এইবিলাক দেখি শুনিও যদি আজিকালিৰ শিক্ষিত মানুহে দৰ্শনশাস্ত্ৰ মৃতবিজ্ঞান বুলি কব খোজে তেনেহলে প্ৰকাৰান্তৰে ইয়াকে কোৱ৷ হয় যে যি জীৱ দিয়ে সি মৃত কিন্তু যাক জীৱ দিয়ে সি জীবিত অৰ্থাৎ এই কথাষাৰ