পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস ছোস্যালিজিম বা সমস্বত্ববাদ বা সাম্যবাদ। এই মত মতে ৰাষ্ট্ৰ ব্যক্তিৰ নিমিত্তে ৰাষ্ট্ৰৰ নিমিত্তে নহয়। সামাজিক অসাম্যৰ বিৰুদ্ধে ইয়াৰ বিপ্লৱ, ইয়াৰ ঘোৰতব অভিযান। কাৰ্ল মাৰ্কসৰ এই মতবাদমূলত হৈছে মানুহৰ গভীৰ অসন্তোষ। মানুহৰ অজ্ঞাত মনত খোপ লাগি থকা নান৷ ৰকম হেচাখুন্দাৰ জেৰ এই অসন্তোষৰ ভিতৰেদি ফোপাই জোগাই বিৰিঙি উঠিছে। মানুহে আৰু এই অসন্তোষ চেপি থবলৈ ইচ্ছা নকৰে। কিহৰ নিমিত্তে এই অসন্তোষ তাৰ কাৰণ নিৰ্দ্ধাৰণ কৰিবলৈ মানুহে বুদ্ধিবৃত্তিৰ বিকাশ নোহোৱা অৱস্থাত হেপাহ নকবে। কিন্তু আধুনিক বুদ্ধিসম্বন্ধীয় শিক্ষাৰ লগে লগে বুদ্ধিবৃত্তি বিকাশৰ ফলত মানুহে দেখিছে যে তাৰ নিজা পাৰিপাৰ্শ্বিক দুৰৱস্থাই ইয়াৰ কাৰণ আৰু এই দুৰৱস্থাৰ নিমিত্তে দায়ী সামাজিক অসাম্য। গতিকে শিক্ষা আৰু দুৰৱস্থাৰ সংমিশ্ৰনৰ বোমা ফাটি ঘোৰ অসন্তোষ সৃষ্টি কৰিছে। আক অসন্তোষৰ দুদমণীয় শক্তিবোৰে যুক্তি নাইবা আন কথা নামানি নিজ স্বাৰ্থ পূৰণৰ দাবী কৰি সমাজতান্ত্ৰিক অসহিষ্ণু, ধৰ্ম্মবিৰোধী আৰু বিপ্লৱী হৈ পৰিছে৷ এই দাৰুণ অসন্তোষ গুচাবৰ উপায় বিচাৰি মানুহে মনতে দাৰ্শনিক ভেটিত হে সামাজিক সাম্যবাদ কল্পনা কৰিব পাৰিছে আৰু তাৰে ওপৰত কৰ্ত্তব্যৰ ধাৰ৷ ঠিক কৰিছে। এই সাম্যবাদও সহজজ্ঞানবাদ, ফ্ৰয়েডৰ মত আদিৰ ওপৰত প্ৰতিষ্ঠিত। ৩৩ ছোস্যালিজিম আদি এৰি কাৰবাৰ ব্যবসায়ৰ ক্ষেত্ৰতো সহজ জ্ঞানবাদ বা বোধৰ প্ৰভাৱ পৰিস্ফুট হৈছে। এইটে। জনাজাত যে মাৰ্কিন (আমেৰিকাৰ ) বসায়ীলোকৰ ভিতৰতে লাথপতি আৰু ক্ৰোড়পতিৰ ভূঁইফুটি উঠাটো বেচি। এই বিষয়ত আমেৰিকাৰ ব্যৱসায়ীসকলৰ মানসিকতত্ত্ব অনুসন্ধান কৰি পোৱা গৈছে যে তেওঁবিলাকে ইংৰাজ বা জাম্মান কাৰবাৰীৰ দৰে অতিপাত বিবেচনা কৰি কাম নকৰে। ইংৰাজ বা জাৰ্ম্মান কাৰবাৰীৰ কান সুবিবেচিত, সতৰ্ক মন্থৰ আৰু আগতে এনেকৈ ভাবি লোৱা কোনো সিদ্ধান্ত কৰাৰ আগেয়ে ভবিষ্যতৰ কামবিলাকৰ ওপৰত সেই সিদ্ধান্তৰ ফলাফল কি হব পাৰে সেইটে। চিন্ত৷ কৰি ভবিষ্যতৰ কামবিলাক দফায় দফায় বিস্তৃতভাবে যতদূৰ সম্ভব আলোচনা কাৰ লয়। বিশিষ্ট মাৰ্কিন কাৰবাৰীৰ কিন্তু সেইটো দস্তৰ নহয়। তেওঁৰ সিদ্ধান্ত তীব্ৰগামী অসতৰ্ক, বিশেষ ভাবি চিত্তি কৰ৷ নহয়। তেওঁ ভবিষ্যৎ সম্বন্ধে সকলো কথা পাত পাতকৈ বিবেচনা নকৰে কিন্তু কোনো সুবিধা পোৱা যানে তৎক্ষণাৎ সেই সুবিধাতে নিজৰ সফলতাৰ