পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস স্বদেশপ্ৰেম নহয়। আমি দাৰ্শনিক ভেটিক জন্মভূমি আৰু স্বদেশপ্ৰেমৰ মানসিক ধাৰণ৷ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হওঁ। এই দাৰ্শনিক ভোট যিমানে কটকটীয়া হয় সিমানে জন্মভূমি, স্বদেশপ্ৰেম আৰু কৰ্ত্তব্যৰ ধাৰা জাজ্জল্যমান হৈ উঠে। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জ্জুনক কোৱা গীতাৰ কথাত তাৰ প্ৰমাণ পাওঁ। সেইটো প্ৰমাণ যথেষ্ট নহয় বুলি ভাবিলে পৃথিবীৰ বৰ্ত্তমান কেইটামান কথালৈ চাওঁহঁক। প্ৰথমতে ধৰক ফ্যাছিজিম আক নাজিজিমৰ কথা। সাধাৰণতঃ এই দুই মতবাদক মানুহে কেবল ৰাজনৈতিক মতবাদ বুলি ভাবে। কিন্তু মুচোলিনী আৰু হিটলাৰে যি সমৰপ্ৰিয়তাৰ বিজয় দুন্দুভি বজাই জগৎবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে তাৰ মূলত হৈছে আচলতে আধুনিক পাশ্চাত্য সহজজ্ঞানাবাদ (intuitionalism ), দাৰ্শনিক হেগেলৰ ৰাষ্ট্ৰৰ বাস্তৱতা আৰু শ্ৰেষ্টত্ববাদ, ভক্তৰ কডল্‌ফ ষ্টীনাৰৰ বিৰাট জাতীয় জীৱবাদ আৰু এই বিলাকৰপৰা অদ্ভুত ব্যক্তিগত নেতৃত্বৰ নীতি। ১৯৩৬ চনৰ ১৪ মাৰ্চ তাৰিখে মিউনিকৰ পৰা হাৰ হিটলাৰে সমগ্ৰ পৃথিবীত ব্ৰডকাষ্ট কৰা বক্তৃতাত কোৱা, “নিদ্ৰাচৰৰ দৃঢ়প্ৰত্যয় লৈ মই মোৰ বাটত চলিলোঁ— বিধাতাই মোক যি বাটত পঠিয়াইছে সেই বাটেৰে।” এই কথাষাৰে সহজ জ্ঞানবাদ সমৰ্থন কৰে। তদুপৰি এই কথাই ফ্ৰয়েড, জং আদি আধুনিক মনস্তত্ত্ব বিশ্লেষণকাৰীবিলাকৰ স্বপ্নজীৱনৰ বাস্তবতা- বাদ সমৰ্থন কৰিছে আৰু সজ্ঞান মনতকৈ অজ্ঞাত মনৰ ওপৰত বেচি জোৰ দিছে। দাৰ্শনিক বাৰ্গছনৰ মত পালন কৰিবৰ মন কৰি যুক্তি এৰি বোধ বা সহজজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ ওলাইছে। মুচোলিনীৰ ভাবধাৰাতো এই কথা পোৱা যায়। তাৰ পিচত, মুচোলিনীয়ে প্ৰত্যেক যুজাকৰ নিমিত্তে যে ছোৱালী বন্দোৱস্ত কৰি দিয়াৰ কথা কৈছিল সেইটোত দেখা যায় ফ্ৰয়েডৰ “জননেন্দ্ৰিয়ৰ প্ৰৰোচনাই মানুহৰ সকলে৷ চিন্তা আৰু কাৰ্য্য বাখ্যা কৰে” এই মত মানি লৈছে। তাৰ লগত নায়েটস্কিৰ এই মতও আহিছে, “মানুহক যুদ্ধৰ নিমিত্তে শিক্ষা দিব লাগিব; তিকতাক শিকাব লাগিব ভাগৰ আৰু গ্লানি দূৰ কৰি যুজাৰুক সতেজ কৰিবলৈ; ইয়াৰ বাহিৰে অইন সকলো মূৰ্খতামাত্ৰ।” ফ্যাছিজিম আৰু নাজিজিমৰ দৰ্শন নায়েটস্কি আদিৰ মতৰ ওপৰত প্ৰতিষ্ঠিত হৈ আজি জগতৰ আগত যুক্তিৰ বিৰুদ্ধে এটা মতবাদ প্ৰচাৰ কৰিছে। সেইটো এই, জগতৰ পৰ৷ যুদ্ধ তুলি দিয়াটো নীতি হোৱা উচিত নহয়। যুদ্ধই যোগ্যতমৰ উদ্বৰ্ত্তন কৰা দুৰে থাকক যুদ্ধই ঠিক এই যোগ্যতম বিলাকৰ হেঁ ধ্বংস