পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আন্তৰিক আপত্তি নাথাকিব। গতিকে আমাৰ আধুনিক সোতৰ লগত সঙ্গতি ৰাখি দৰ্শনৰ কথা কবলৈ হলে মই পাশ্চাত্য ( দৰ্শন বিজ্ঞান আদিৰো উল্লেখ কৰি যাব লাগিব) কথা উহুকিয়াই আৰম্ভ কৰাটোৱে সঙ্গত হব। আমি অৱশ্যে এইটো আশা কৰিব নোৱাৰে। যে দৰ্শন শাস্ত্ৰ আজিতে জনপ্ৰিয় হৈ উঠিব বা বেচিভাগ মানুহেই ইয়াক বুজিবলৈ চেষ্টা কৰিব বা চেষ্টা কৰিলেও বিশেষ অনুধাবন নকৰাকৈ ইয়াক তৎক্ষণাতে বুজি পাব। গায়েথিয়ে কোৱাৰ দৰে “এইটো কল্পনা কৰিব নালাগে যে যুক্তি কেতিয়াবা জনপ্ৰিয় হৈ উঠিব। তীব্ৰ আবেগ আক অনুভব জনপ্ৰিয় হব পাৰে; যুক্তি কিছুমান বিশিষ্ট ব্যক্তিৰ হে সম্পত্তি বিশেষ।” তথাপি আজি কালি দায়িত্ব বুজি পোৱাৰ যি ধুম উঠিছে আৰু শিক্ষা বিস্তাৰৰ যি চেষ্টা বাঢ়িছে আৰু শিক্ষিত বুলি নিজক গণ্য কৰাৰ যি প্ৰকোপ চলিছে তাত বোধ হয় দৰ্শনৰ প্ৰতি অযুক্তিমূলক হাঁহি মৰা ব্যঙ্গই হে দৰ্শনৰ প্ৰতি আগ্ৰহ নোহোৱাৰ কাৰণ। ইয়াত অৱশ্যে ৰুচি সংস্কাৰৰ উপায় উলিৱাৰ কথা নুঠে। অকল এইখিনি কলেই হব যে ফুটুকী বাঘে যেতিয়ালৈ বেলেগ মত প্ৰকাশ কৰে তেতিয়ালৈ ছাগলীৰ নিৰ্বামিষ খোৱা প্ৰস্তাৱ দাঙি ধৰাৰ কোনো মূল্য নাই। কিন্তু যেতিয়া আমি দেখো যে ইটালীৰ "কুকুৰ নেচীয়া বাঘৰ পোৱালি- বোৰকে৷” দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত ফ্যাছিজিমৰ আশ্ৰয়তহে ৰণ শিক্ষা দিছে আৰু বৰ্ত্তমান যুগত প্ৰবল বেগেৰে ফুটি উঠা সকলো দেশৰ সক বা ডাঙৰ খণ্ড বা অখণ্ড সকলে| ৰকম সাম্প্ৰদায়িকতা আৰু জাতীয়তাবাদেই কোনো স্পষ্ট নাইবা অনিশ্চিত দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত তেতিয়া আৰু দৰ্শনৰ কাৰ্য্য- কাৰিতাৰ বিষয়ে কাৰে৷ সন্দেহ থাকিব নোৱাৰে। আমি যদি নিজকে নিজে শোধোঁ, আমি যে জন্মভূমি আৰু স্বদেশপ্ৰেমৰ কথা কওঁ তাৰ বাস্তৱতা জানা নে ভ্ৰাতৃ জন্মভূমি! ভাবত ভাহি কোন নো মাতৃ কি ভাৱে আমাক সাৱটি ধৰে; ভাবত হাঁহি ভাবে দি মনত তুমুকি মাৰে? এই কথাটো ভাবি চালে আমি দেখো যে আমি ভৌগোলিক বাস্তৱ মাটী ডোখৰক মাতৃ নোবোলে। নাইবা সেই মাটী ডোখৰক ভাল পোৱাই আমাৰ