পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস শুৱনী কন্যা পায় আৰু সিহঁতে যেন ঘৰুৱা কামত হাত লগাব লগীয়া নহয়।” সেয়েহে আজিও মনুৰ সন্তান মানৱে পুতলাৰ দৰে শুৱনী, পলিখাৰ দৰে উৰি ফুৰিব পৰ৷ আলাবাদু ছোৱালী খেদি খেদি বিয়া কৰে। দৰ্শনৰ আভাস আজি কালি আমি পঢ়ো আৰু আনৰ উপকাৰৰ নিমিত্তে তাকে আনক

কিন্তু লাগতীয়াল পঢ়া কথাৰ, দেখা কথাৰ আৰু শুনা কথাৰ নিজৰ জীৱনৰ লগত সম্বন্ধ স্থাপন কাৰ সামঞ্জস্য সাধন কৰিবলৈ সিমান যত্নশীল নহওঁ। মোৰ বোধেৰে সেইটে৷ গভীৰ আৰু যুক্তিসিদ্ধ যেন নালাগে। জীৱনক সাৱটি নধৰিলে কোনে৷ খণ্ড কথাই মাহুহক আচল সুখৰ সোৱাদ দিব নোৱাৰে। এই জীৱন কিন্তু আজি কালিৰ তথা কথিত জাতীয় জীৱন নহয়। মই এই কাৰণে তথাকথিত বুলিছো, আমি যিমানে জাতীয় কৃষ্টিৰ কথা নকওঁ কিয়, যিমানে জাতীয় বিশেষত্বৰ দাবী নকৰে। কিয়, ঠিক হওক অঠিক হওক বা ভুল কৰি হওক, ভ্ৰান্তিতে হওক বা গোটেই কেইটাৰ সানমিহলিতে হওক, আজি কালি শিক্ষ৷ ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে পাশ্চাত্য আদৰ্শ আৰু ভাবধাৰাই আমাৰ আদৰ্শ আৰু ভাব হৈ পৰিছে। ঘৰত আৰু বাহিৰত, নৰ নাৰী উভয়ৰে গাত পাশ্চাত্যৰ: চাব দেখা পাবলৈ বেচি সময় নালাগে। পাশ্চাত্যৰ অনুকৰণৰ ৰাজনৈতিক দলাদলিব প্ৰভাবত সেই চাবৰ বৈশিষ্টই যে আমাৰ দৈনন্দিন জীৱনত ঢৌ লগাইছে সেইটে। বোধ হয় সকলোৱে গম পাইছে। আমাৰ ভিতৰতো পাশ্চাত্যৰ চাব (অনুগ্ৰহ কৰি মন কৰিব পাশ্চাত্যৰ চাব ভাল নে বেয়া, সেই সম্বন্ধে মই একো কোৱা নাই ) এনেকৈ বহিছে যে দেশী পোছাক পিন্ধিলেও আমাৰ মনটো দেশী হোৱ৷ টান হৈ পৰিছে। পক্ষপাতশূন্যভাবে চালে মোৰ এই কথাত্ বোধ হয় কাৰে৷