পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 প্ৰৱন্ধ-সংগ্ৰহ ববও নালাগে।” তাৰ পাছত টেলেকী বাইৰ চকু দুটা টেলেক! কেনেকৈ হল বুলি সোধাত তেওঁ কলে,—“আইদেউৰ দৰেই মোৰ চকুও পদুমকলীয়া আছিল। কাপোৰ সিয়নি দিওঁতে বেজিত চকু ৰাখিব লগীয়া হোৱাত চকু এনে হল।” বিধতা পুৰুষে কামিনীদেৱীৰ চকুলৈ চাওঁতেই তেওঁৰ চকু মুদ খালে। বিধতা পুৰুষে তেতিয়া কলে,—“বিশ্বকৰ্ম্মাটোৰ পৰা উপায় নাই। আই, তই কাপোৰ সিবও নালাগে। এওঁৰ দৰে চকু হলে চকুৰ ঠাৰ দিবি কেনেকৈ? আৰু শূতা-কটা তাঁত-বোৱাব আৱশ্যকেই বা কি? বন-কৰা ৰিহা-মেখেলা লাগিলে, ভূ-স্বৰ্গ বাবাণসীধামলৈ কোনোবা এটাক পাচিলেই আনি দিব পাৰিব। তই কুৱেৰৰ জীয়েক, তোৰ বিতৰ অভাৱ নায়েই। লাগিলে মৰ্ত্তাৰ পৰ৷ চাব মৰা কাপোৰো অনাই লব পাৰিবি। পাছে তহঁতৰ এই ডোখৰা-ডুখ্ৰী ৰিহা মেখেলাবোৰ মই বৰ ভাল নেদেখোঁ। তাতকৈ এখনীয়া বস্ত্ৰ শাৰি পিন্ধিলে তোক আৰু লণী দেখাব। নাচিবলৈ সুবিধা পাবিও ভাল।” ইমানতে তিনিয়ো বায়ে বিধতা পুৰুষক সেৱা কৰি বিদায় ললে। বিধতা পুৰুষে তেওঁলোকক আশীৰ্ব্বাদ দিয়াত শিপিনী বায়ে কলে,— “দখি এতিয়া বিদায় হে। স্বৰ্গপুৰিৰ পৰা আমাৰ কাম ঊঠি গল। আমাৰ হাত হুদ| হল। আন কৰবাত ব্যৱসায় চলেনে, চাওঁগৈ৷ এতিয়া আহিলোঁহে।” এইবুলি তেওঁলোক ওলাই গল। বিধতা পুৰুষে কিছুপৰ তলকা মাৰি থাকি কলে,—“মনুৰ সতি-সন্ততিৰ ছোৱালী চাওঁতে যেন এনেকৈয়ে চকুত ধূলি পৰে। আই, তই ভাত ৰান্ধিব জাননে?” কামিনীদেৱীয়ে আগৰ দৰেই কলে,—“শিকিলে পাৰিম।” বিধতা পুৰুষে কলে,—“হক তেও আই, শিকিলে পাৰিলেই চলিব। কিন্তু তই ভাতো ৰান্ধিব নালাগে। শাহুৱেৰক দেখিছই নহয়, নথৰ মাজত কেনেকৈ তেল-চিকটি সোমাই থাকে। তই যেতিয়া নাচিব লাগিব, আঙুলিৰ মূৰ- বোৰ কল! হলে বৰ আপচু দেখাব। শাহুৱেৰে যিয়ান দিন পাবে ৰান্ধক। শাহুৱেৰে নোৱৰা হলেগৈ, তই যাতে ভাত ৰান্ধিব লগীয়া নহয়, গই সেই বাবে এতিয়াই নলবৰীয়া আপাৰ সৃষ্টি কৰিম।” অলপ পৰ ৰৈ, বিধতা পুৰুষে কলে,—“হক তেও, এই কল্পটো...” বিধতা পুৰুষে কলে,—“এই কল্পটো তেও মোৰ ৰঙেৰে যাব। ঘৰলৈ আহিলেই তোৰ নাচ-গানে মোৰ মনত আনন্দ লগাই থব। এতেকে মই আশীৰ্ব্বাদ দিছে৷ যেন পুৰুষ-পৰম্পৰাই মনুৰ নাতি-পুতিয়ে তোৰ দৰে