পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 প্ৰৱন্ধ-সংগ্ৰহ বেয়া চাই লব? সেইদিনা মনুদেৱ মন মাৰি ঘৰলৈ গল। কামিনীদেৱীয়ে মনত বৰ বেজাৰ পালে। চেনেহৰ পুৰুষৰ বেজাৰত তেওঁৰ নাৰী মনে তল ওপৰ লগালে। একোবাৰ ভাবে তেওঁ বৰ অন্যায় কৰিলে। মহুদেৱৰ জীৱন- লগৰী হবলৈ এবাৰ জানিবা পৰীক্ষা দিব লগীয়া হলেই। কিন্তু এই পৰীক্ষাৰ অপমানৰ কথা মনত পৰিলে, তেওঁৰ মন বিমুখ হয়। নিশ্চয় তেওঁ পৰীক্ষা নিদিয়ে। কিন্তু তেতিয়া মনত পৰে, তেনেহলে মনুদেৰ হেৰায়। মহুদেৱক এৰি তেওঁ থাকিব কেনেকৈ? তেওঁৰ মন আকৌ কোমলে। ভাবে, মদেৰ আহি পুনৰ ধৰিলে তেওঁ আক আপত্তি নকৰে। এনেতে গৃহিণীদেৱী আহি পৰীক্ষাৰ কথা উলিয়ালত, তেওঁ নিমাত হল, আপত্তি ও নকৰিল। মাকে বুজিলে তেওঁৰ আলসুৱা জীয়েকৰ মন মুকলি নহয়, কিন্তু অসন্তোষেবে হলেও অৱশেষত পৰীক্ষা কৰি চোৱাত মান্তি হব। গৃহিণীদেৱীয়ে নিজেও এই পৰীক্ষাৰ প্ৰস্তাৱটো ভাল পোৱা নাই। জীয়েকে গৃহস্থালীৰ কাম নিজ হাতে কেতিয়াও কৰ| নাই। মনত ইমান ফেৰাই সাহ, অইনে সেইবোৰ কাম কৰোতে কামিনীদেৱীয়ে মাজে সময়ে চকু দিয়ে। তেওঁৰ জীৱৰীয়ে সেইবাবে কাম কৰি দেখুৱাব পাৰিব লাগে। আৰু এটা কাৰণত তেওঁ বৰ ভাল পোৱা নাই। হক তেহেলৈ মহুদেৱ বিধতা পুৰুষৰ লৰা। কমিনীনো কি পেলাই দিয়া ঘৰৰ জীয়ৰী? কামিনীক পৰীক্ষা কৰি লম বুলি গোটেই বংশটোকে অপমান কৰিব কিয়? কিন্তু, উপায় নাই। গোটেই অলকাপুৰীজুৰি কামিনীৰ বিষয়ে যিহে ফুঁ-ফাখন চলিছে। সাবিত্ৰীদেৱী যিহে আৰী তিৰোতা! তেওঁ যেনে আকেঁাগোঁজা দি ধৰিছে, লাগিলে পুতেকলৈ কামিনীক নিনিও বুলি খাতাং কৈ কব। তেতিয়া কি হব? তেওঁ কোনো আপত্তি দেখুৱালে বিপাকত পৰিব পাৰে বাবে গৃহিণীদেৱীয়ে একে আপত্তি নকৰিলে। আৰু যেতিয়া৷ পৰীক্ষা কৰি চোৱাত কামিনীদেৱী সাজু বুলি শুনিলে, সাবিত্ৰীদেৱী কিছু পৰিমানে বিমোৰত পৰিল। তাইনো কোনটে। সাহেৰে জোখ কৰি চোৱাত মান্তি হৈছে? তাই সঁচাকৈয়ে কাম-কাজ জানেনেকি? নাই, এইটো মাকৰ চতুৰালি? জীয়েকৰ কাম নিজে কৰি দিব খুজিছে? বাক, সেইটে। ফুটাৰে৷ মুদ। মাৰিব লাগিব। কামিনীক আনি নিজৰ হাউলিত কাম কৰাই চাব লাগিব। কামিনীদেৱীক নিজৰ হাউলিলৈ আনি কোঠা এটাত যঁতৰ এটা আৰু