পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্ব্বাদ যাবৰ মন গৈছে।” মনুদেৱে আমনি নাই লগা বুলি কলে, কিন্তু তেওঁৰ মন আৰু এই ঘৰত নবহা হল। অলপ পৰৰ পাছত বন্ধু এজনক দেখা কৰিব লগীয়া আছে বুগি মনত পৰিল। এই অজুহাত উলিয়াই তেওঁ সেই দিনৰ নিমিত্তে বিদায় ললে। মনুদেৱে নিজে বিয়াৰ কথা নাজানিছিল হয়, কিন্তু আন সকলোৱে যেন সেই কথা জানে। অহুকাণে-পহুকাণে গৈ কথাটো অতিৰঞ্জিত হৈ সাবিত্ৰীদেৱীৰ কাণত পৰিল। তেওঁ শুনিলে বোলে মনুৱে কামিনীক বিয়া কৰিম বুলি কথা পৰ্যন্ত দিলে। সাবিত্ৰীদেৱীয়ে এই বাতৰিটো পাই মৰ্খাস্তিক বেজাৰ পালে। একেটা পুতেক, সিয়ো বাৰু কথাটে৷ মাকৰ আগত কব নাপায়নে? মাকে আনৰ মুখেহে কথাটো শুনিব লাগে? তাৰ উপৰি ছোৱালীজনীয়ে বোলে একো কাম নাজানে। এই দুই কাৰণত সাবিত্ৰীদেৱীয়ে বিয়াত মত নিদিয়াটোকে থিৰ কৰিলে। ‘‘সেই দিন৷ মনুদেৱ আহি ঘৰ সোমালতে সাবিত্ৰীদেৱীয়ে পুতেকক খেচখেচাই ধৰিলে। পুতেকে বিয়াৰ কথা আজিহে শুনিছোঁ বুলি কোৱাত মাক পতিয়ন নগল। মাকে কলে,—“এই ছোৱালী বিয়া কৰিবলৈ মই একোপধ্যে মত-দিব বোৱা- নোৱাৰোঁ। তাই বোলে কামৰ নামে কুটা এগছকে চিঙিব নাজানে। কট। ৰন্ধা-বঢ়া কৰিব নজনা বোৱাৰী মই আনিব নোৱাৰে॥” মনুদেৱে ফলে,—“কিন্তু আই, তেওঁ সুললিত গান গাব পাৰে, বৰ সুন্দৰ নাচিব পাৰে।” মাকে কলে,—“গান গাব পাৰিলে, কঁকাল ঘুৰাব পাৰিলেই পেট ভৰিব? তহঁত ডেকাবোৰ যে কোনটো ফুটত উঠিছ!” মনুদেৱে তেতিয়া কলে,—“আই, দুটা টান বিষয়ত যি ইমান পাৰ্গত হব পাৰে, তেওঁ যে ৰন্ধা-বঢ়া, বোৱা কটাৰ দৰে সাধাৰণ কামত অপৈণত হব, এনে কথাত পতিয়ন যাব নোৱাৰি।” মাকে কলে,—“তইতো পতিয়াব নোৱাৰিবিয়েই। তাই ডাকিনীয়ে তোক আহুদি খুৱালে।” তেতিয়া পুতেকে কলে,—“মই আৰু কি বুজ লম? তই বিশ্বাসকে নকৰ।” মাকে কলে,—“মই বাৰু তাইক হাতে হাতে ধৰি দিঘ। তাইক মই তিনটা কামত পৰীক্ষা কৰি চাষ, তাই যদি কৰিব পাৰে, মই আৰু একো আপত্তি নকৰে॥” মহুদেৱ তাতে মান্তি হল। তেওঁ ভাবিলে কামিনীদেৱী নিশ্চয় পৰীক্ষাত উঠিব পাৰিব। যেতিয়া কামিনীদেৱীয়ে কথাটো শুনিলে, তেওঁ খঙত জ্বলি উঠিল। তেওঁ কেতিয়াও পৰীক্ষাৰ অপমান নসহে। তেওঁ গৰু নে ঘোৰ৷, কামত ভাল নে