পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22 প্ৰৱন্ধ-সংগ্ৰহ দেৱীয়েও দেৱৰাজৰ সভাত নাচিবলৈ এৰিলে। উৰ্ব্বশী, মেনকা, ৰম্ভাই মূৰ দাঙি উঠিল। শেষত দুয়ো ডেকা-ডেক্ৰেীৰ ভিতৰত ঠিক হল যে ইটিক এৰি সিটিয়ে জীৱন যাপন কৰিব নোৱাৰে। অৰ্থাৎ তেওঁলোকৰ বিয়া নহলে দুইৰো জীৱন নিষ্ফল হব। কিন্তু কথাটো প্ৰস্তাৱ কৰে কেনেকৈ? প্ৰস্তাৱ কিন্তু অইন এফালৰ পৰ৷ উঠিল। এদিন কামিনীদেৱীক হঠাতে মোমায়েকে লৈ গলহি। পিচদিনা মনুদেৱ কামিনীদেৱীৰ ওচৰলৈ আহি আন দিনাৰ দৰে তেওঁক খাপ দি থকা নাপাই বৰ বিশ্ববিষ হল। মন্ত্ৰদেৱ ঘৰত সোমালতে গৃহিণীদেৱীৰে বহিবলৈ দি নিজে ওচৰতে বহি ইটো কথা সিটো কথা উলিয়াবলৈ ধৰিলে। কিন্তু কামিনীদেৱীৰ নামকে হুলিয়ায়। উলিয়ালেই তেও মনুদেৱে কাঠিনীদেৱী কলৈ গল বুলি সুধিব পাৰে। গৃহিণীদেৱীয়ে কথা কৈ গৈছে কিন্তু মনুদেৱৰ কাণ গৃহিণীদেৱীৰ কথাত নাই। কাণে কামিনীদেৱীৰ মাত কেনি শুনে বিচাৰি ফুৰিছে। চকুৱে ইফালে সিফালে চাইছে কোন ফালৰপৰা কামিনীদেৱী ওলায়হি। গৃহিণীদেৱীৰ কথাৰ উত্তৰ দিওঁতে প্ৰশ্নৰ লগত উত্তৰৰ বিশেষ সম্বন্ধ নাথাকে। গৃহিণীদেৱীয়ে মনুদেৱৰ কেনে বিলৈ হৈছে বুজি হাঁহি হাঁহি ৰকম ৰকমৰ কথা উলিয়াইছে। হঠাতে এবাৰ গৃহিণীদেৱীয়ে সুধিলে,—“বিয়াখন কেতিয়া পাতিম বুলি থিৰ কৰিছা, মইনা?” মনুদেৱ আচৰিত হল। শুধিলে,—“কাৰ বিয়া?” গৃহিণীদেৱীয়ে কলে,—“তোমাৰে কামিনীৰে বিয়া।” মহুদেৱে কলে,— “মই দেখোন এই বিষয়ে একো কব নোৱাৰে॥” গৃহিণীদেৱীয়ে কলে,—“নোৱাৰিলে কেনেকৈ চলিব? গোটেই স্বৰ্গ জুৰি সকলোৱে জানে তুমি কামিনীক বিয়া কৰাবা। নহলে দুইৰো মাজত ইমান মিলা-প্ৰীতি হল কেলৈ, আমিয়েই বা হবলৈ দিম কিয়?” মনুদেৱেৰ আনন্দে মন নধৰা হল। কলে,—“মই এই বিষয়ে একে| নাজানো। বিয়া যদি হব লাগেই তেন্তে আইক সুধি চাম।” তাৰ পাছত গৃহিণীদেৱীয়ে নানা কথ৷ উলিয়ালে, কিন্তু কামিনীদেৱী ওলাই নাহিল, মাকেও তেওঁৰ বিষয়ে একো লুলিয়ালে। মনুদেৱে ভাবিলে আজি বিয়াৰ কথা ওলাব বুলি কামিনীদেৱীয়ে জানে, সেই বাবে লাজত ওলাই অহা নাই। কামিনী- দেৱীলৈ খাপ দি থাকোতে মনুদেৱৰ হামি আহিবলৈ ধৰিলে। গৃহিণীদেবীয়ে কলে,—“তোমাৰ চাগৈ বুঢ়ীৰে সৈতে কথা পাতোতে আমনি লাগিছে। কামিনীজনীও নাই, কালি মোমায়েকে লৈ গগহি। তোমাৰ চাগৈ ঘৰলৈ