পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্ব্বাদ ১ হাঁহি হাঁহি কলে, – “কিনে৷ লৰা অ’, তাই সেৱাটো কৰিলে, ‘কুশল হক’ এষাৰকে মুখৰ পৰ৷ নোলাল।” উত্তৰত মনুদেৱৰ মূৰটো আৰু তললৈ গল। গৃহিণীদেৱীয়ে তেতিয়া কলে, – “বাৰু, তহঁত দুটা চা-চিনাকি হ, মই ভিতৰৰ- পৰ৷ আহেঁাঁ।” এই বুলি গৃহিণীদেৱী ওলাই গল। মাক বহ৷ ঠাইতে কামিনী- দেৱী বহিল। মহুদেৱ আৰু বিমোৰত পৰিল। . কামিনীদেৱীৰ চকুও তলমুৱা। এহাতৰ আঙুলিৰ নথেৰে সিথন হাতৰ নখ খু’টিয়াবলৈ ধৰিলে। মনুদেৱে একোবাৰ চকু দাঙি চাৰ, কামিনীদেৱীৰ মুখ দেখিলেই চকু থৰ লাগে, চকুৱে চকুৱে পৰিলে, চকু তললৈ যায়। বহুত পব দুয়ো এনেকৈয়ে বহি আছে, কাৰে৷ মুখৰ মাত নাই। শেষত মনুদেৱে, “বাৰু, মই এতিয়া যাও” বুলি পোনপটীয়ে বাহিৰ ওলাল, কতে৷ এথন্তকো নৰল। যক্ষ পহৰীয়াহঁতে মনুদেৱক দেখি বুজিব নোৱাৰিলে তেওঁৰ হাতত কিবা লাগি গল নে নাই।

কামিনীদেৱী আগৰ ঠাইতে বহি আছে। আগৰ দৰে নথ খুঁটিয়াই আছে, কিন্তু কাণত মনুদেৱৰ যাত, “বাৰু, মই এতিয়৷ যাওঁ” বাজিয়েই আছে। এনে অৱস্থাতে ন-বৌয়েকে তেওঁক দেখিলহি। সুধিলে,—“কি কি কথা পাতিলি?” কামিনীদেৱীয়ে কলে,—“কেনে দেৱতা জানো? মুখৰ মাতেই নাই। বহুত পৰ তললৈ মূৰ কৰি থাকি, “বাক, মই এতিয়া যাও” বুলি ফেঁ! ফেঁ৷ কৈ লৰ মাৰিলে।” ন-বৌয়েকে কলে,—“পুৰুষ জাতটোৱেই এনে। পোনতে মুখৰ মাতো নাই, যেন একোকে নাজানে। কোনো মতে তিৰোতা কবি লব পাৰিলে, পিঠিত ঔ কিল দিয়ে।” কামিনীদেৱীয়ে কলে,—“এখেত কিন্তু কেতিয়াও তেনে নহয়। যাৰ এনে গঢ়, গঠন তেওঁ কেতিয়াও তেনে হব নোৱাৰে।” ন-বৌয়েকে নন্দেকৰ কথা শুনি হাঁহিলে। এওঁৰ ফালেও গতি লাগিল। তেওঁ কলে,—“পুৰুষৰ যি যিমান স্থৰূপ, সি সাধাৰণতে সিমান নিষ্ঠুৰ হয়। কুৰূপে নিজৰ হীনতা বুজি বহুত সহে, স্নুৰূপে কিন্তু পোনেই চুলিত ধৰে।” তেওঁ নন্দেকক তেনেকৈ বুজাবলৈ চেষ্টা কৰিলে হয়, কিন্তু তেওঁ ভালকৈ বুজিব পাৰিলে তেওঁৰ কথা হাঁহৰ পিঠিত পানী পিছলাদি পিছলি গল। সেইদিনা যদিও মনুদেৱৰ তেনে হৈছিল, পাছত মাতো ওলাল আৰু বন্ধু- সকলৰ সৈতে মহল৷ মৰা এৰি দিনৰ দিনটো কামিনীদেৱীৰ কাষতে কটাবলৈও ধৰিলে। দুয়োটাৰে কিমান ফুচফুচিয়া মেল! হাঁহিৰ অন্তকে নপৰে। কামিনী-