পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2. প্ৰৱন্ধ-সংগ্ৰহ বুলি মনুদেৱক হাতত ধৰি ভিতৰলৈ লৈ গল। যক্ষবোৰে চকু টেলেক: কৰিলে। ভিতৰত মনুদেৱক ডুখৰি পীৰা এডোখৰ পাৰি দি গৃহিণীদেবীৰে ওচৰতে এখন লৈ বহি কলে--"কেতিয়া আহিলি বোপাই? আমাৰ ফাললৈ ভুযুকিকে নামাব। নাৰিবিয়েই বা কেলৈ? আপোনেই আপোন, পৰেই পৰ।” গৃহিণাদেৱী মনুদেৱৰ পেহীয়েক নহয়। কোনো সম্বন্ধই নাই। গৃহিণীদেৱীয়ে তাহানিখন বিধতাপুৰুষত্ ককাই বুলি মতা সম্বন্ধতে তেওঁ মনুদেৱৰ পেহী। মমুদেৱে কলে,—“এই সিদিনাহে আহিছোঁ। ফুৰিবলৈ সময়কে পোৱা নাই। পেহা, কামিনী কলৈ গল?” গৃহিণীদেৱীয়ে কলে,——“তেওঁলোক এতিয়াও উঠিবৰ নৌ।” মনুদেৱে কলে, – “এতিয়াও উঠিবৰ পৰ হোৱা নাই।” গৃহিণীদেৱীয়ে কলে,—“এৰ', কিনো কবি বোপাই! পেহাবৰ ধনৰ হিচাবৰ কথা ভাবোতেই বহুত বাতিলৈকে টোপনি নাহে, বেলিলৈকে শুব লাগে। জীয়েকে বাপেকক দেখি বেলিকৈ শুবলৈ শিকিছে। তই তাইক চিনিলি কেনেকৈ? তই গুৰু ঘৰলৈ যাওঁতে তাই দেখোন ওপজাই নাই।” মহুদেৱে কলে, – “নাম শুনিছে॥” গৃহিণীদেৱী কিন্তু এইটে। উত্তৰত সন্তুষ্ট নহল। কিছুপৰ মন্ত্ৰদেৱৰ মুখলৈ চাই থাকি সুধিলে,—“কালি ৰাতি দেৱৰাজৰ সভালৈ গৈছিলি হবলা?” প্ৰশ্নটে। শুনি মহুদেৱৰ ডিঙি আৰু কাণব আগলৈকে ৰঙা পৰিল। গৃহিণী- দেৱীয়ে কলে,—“অ’ ভালেতিহে আজি পেহীলৈ মনত পৰি ৰাতিপুৱাই লৰি আহিছ?” কথাষাৰ শুনি গোটেই শৰীৰৰ তেজ যেন উজাই গৈ মনুদেৱৰ মুখত থুপি পাতিলে। এনেতে সাজপাৰ পিন্ধ৷ কামিনীদেৱী আহি সেইখিনি পালে। কামিনীদেৱীয়ে দিব্যকান্তি দেৱকুমাৰ এজন দেখি এবাৰ মাকলৈ চায়, এবাৰ গন্তুদেৱলৈ চায়। দেৱতাজন যদিও চিনিব নোৱাৰিলে, তথাপি তেওঁ যেন জন্ম জন্মান্তৰৰ চিনাকি। ইপিনে মনুদেৱে মূৰ দাঙিব নোৱাৰা হল। গৃহিণীদেৱীয়ে মাত লগালে,—“তই হবলা ইয়াক চিনি পোৱ৷ নাই? চিনিবিয়েই বা কেনেকৈ? তই ওপজাৰ আগেয়েই ই গুৰুগৃহলৈ যায়। মোনায়েৰৰ ঘৰত ইমান দিন নথকা হলে কেতিয়াবাই চিনিলিহেতেন। কালি- তোৰ নাচ দেখি আহিয়েই পুৱাতে লৰি আহিছে। এইটো মনু। বিধতা ককাইদেউৰ পুতেক।” মাকৰ কথা শুনি কামিনীদেৱীয়ে মনুদেৱক সেৱা কৰিলে। আশীৰ্ব্বাদ এফাকিও মন্ত্ৰদেৱৰ মুখৰ পৰা নোলাল। গৃহিণীদেৱীয়ে