পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

26 প্ৰৱন্ধ-সংগ্ৰহ আৰু আন আন অপ্সৰী সকলে নচ৷ সত্ত্বেও মন্ত্ৰদেৱৰ নাচ গান ভাল নালাগিল। দেৱৰাজ ইন্দ্ৰৰো ভাল নালাগিল হবলা। সেই পালি নাচ-গান শেষ হলত দেৱৰাজে· কলে;—“কামিনীদেৱী, এইবাৰ তুমি অকলৈ উঠা।” দেৱৰাজৰ অপ্সৰী সকলে ভাল নাপালে। ভাগ্যে তেওঁলোক দেৱৰাজ ইন্দ্ৰৰ হাজাৰটা চকুৰ আগত আছিল। নোহোৱাহলে তেতিয়াই অপ্সৰী সকলৰ নগৰ আঁচোৰত কামিনীদেৱীৰ সেন্দুৰীগাল চিৰাচিৰ হলহেতেন, পদুমকলীয়া চকু ঊঘলি আহিলহেতেন। দেৱৰাজৰ তেনে আজ্ঞা হল যেতিয়া প্ৰতিবাদ কৰিবৰ কাৰে। সাধ্য নাই, তেহেলৈ তেওঁলোকে ভালকে পাওক বা অসন্তুষ্টই ইওক। কাৰ্মিনীদেৱী উঠি গান আৰম্ভ কৰিলে। বাছাকৰ সকলৰ যন্ত্ৰই লগত যোগ দিলে। কামিনীদেৱীয়ে লাহে লাহে নাচ আৰম্ভ কৰিলে। মাজে মাজে গান বন্ধ হয়, কেৱল নাচ চলে, কেতিয়াবা নাচ বন্ধ হয়, অকল গান হে চলে। কোনো সময়ত দুয়োট। সমানে চলে। একোবাৰ গানৰ সুৰতে গোটেই সভাখন যেন সুৰতে ওপঙি উঠে, একেবাৰে পাতাল পায়গৈ। লাহে লাহে সুৰৰ হেন্দোলনি খৰ হল। সভাখন ধুমুহাত পৰা নাৱৰ দৰে স্থৰৰ ঢৌত তল ওপৰ কৰিবলৈ ধৰিলে। শেষলৈ গানৰ পুৰ এনে চৰিল যেন দেৱ-সভাকে ঢৌৰ টিঙত তুলিলে। এনেতে আচম্বিতে সুৰ নামি আহিল; লগে লগে কামিনীদেৱীয়ে শৰীৰ হলাই নি দেৱৰাজৰ ফালে মূৰ কৰি সেৱা কৰিলে, গান বন্ধ হল। বাদ্যকৰ সকল ৰক্ষা পৰিল।

গান বন্ধ হলত সভাৰ সকলোৱেই যেন তন্ময় অৱস্থাৰ পৰা চেতনা লভিলে। কোনোৱে জয়ধ্বনি দিবৰ পৰ্য্যন্ত সাহ নহল। জানোচা গানৰ সুৱলা সুৰৰ পাছত নিজ নিজ মাত বৰ কুঠৱ৷ শুনায়। দেৱৰাজ ইন্দ্ৰই বুজিলে ইয়াৰ পাছত আৰু অইন নৃত্য-গীত ভাল নালাগে। দেৱৰাজে সভা ভঙ্গ কৰি উঠিল। কাফিমীদেৱীৰ প্ৰতি অপ্সৰী সকলৰ ঈৰ্ষা বাঢ়িল। 3 মনুদেৱ অতপৰ ক'ত আছিল, কব নোৱাৰে। তেওঁ গানৰ সুৰতে ভাহি ফুৰিছিল। গান শেষ হলত তেওঁ যেন মধুৰ সপোন দেখি সাৰ পালে। কামিনীদেৱীনো কোন তাৰ সম্ভেদ মনুদেৱে সমনীয়া দেৱতাৰ পৰা লৈ ঘৰ পালেগৈ। আহি ভোগত মনুদেৱৰ সম্পূৰ্ণ অৰুচি। কামিনীদেৱীৰ গান যেন এতিয়াও তেওঁৰ কাণত বাজি আছে। কামিনীদেৱীৰ ৰূপে মনৰ