পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্ব্বাদ ১৭ এইদৰে বন বঢ়াৱ মই জিৰণি লবলৈ নাপাই মৰি তাৰ ওপৰত তহঁতে যদি থাকিম। তহঁতক তেতিয়' কোনে খাবলৈ দিব?” দেৱীৰ কথা শুনি লৰাটোৰ চকু চলচলীয়া হৈ গল। সি কলে, – “আই, মই আৰু কেতিয়াও এনে নকৰে॥ চুৰিয়াখন গোলাপ গছৰ কাঁইটত লাগি ফাটিল। মই আক কেতিয়াও গোলাপ গছৰ কাষলৈ নাযাওঁ।” সাবিত্ৰীদেৱীয়ে তাৰ খুঁতৰিত আঙুলি লগাই নিজৰ হাততে চুমা খালে। মৰম পাই লৰাটে৷ পঘি গল। সি সাধিত্ৰীদেৱীৰ কেঁাচত মূৰ সুমাই দিলে। দেৱীয়ে তাৰ মূৰত হাত বুলাই মৰম কৰিলে। এনে দৰেই সাবিত্ৰীদেৱীৰ দিন যায়। বিষত। পুৰুষৰ দিন যায় বাহিৰতে। কাৰ কত লৰা-ছোৱালী উপজিল, ছদিনৰ দিনা সন্ধ্য| বিধতা পুৰুষ সন্তানটোৰ কাষ পালেগৈ। হাতত চিত্ৰগুপ্তৰ কাকত। আগৰ জনমত সন্তানটোৱে কত কি কৰিছিল, কত যিছ' কৈছিল, কত চুৰ কৰিছিল, কত বেয়াকাম কৰিছিল, কত ভাল কাম কৰিছিল, কত আতুৰক দয়া দেখুৱাইছিল এনে সকলো বিৱৰণ কাকতত লিখা আছে। তাকে চাই বিধতা পুৰুষে সন্তানটোৰ কপালত লিখিলে। ইদানিং তেখেতৰ কামো বৰ বাঢ়িছে। ঘৰলৈ যাবলৈ আজৰিকে নাপায়। দেৱত| কুলৰ যুগল বেজ় অশ্বিনীকুমাৰ দুজনৰ সতি-সন্ততিৰ চিকিৎ- সাত মৰ্ত্তত মাৰি-মৰক বহুত পৰিমাণে কমিছে, জন্মৰ সংখ্যাও বাঢ়িছে। এতেকে বিধতা পুৰুষে উশাহ লবৰ সকাহ নোপোৱাৰ দৰে হৈছে। এনে কি ঘৰত ভুমুকি এটা মাৰি মহুক কাম-কাজ এটাত লগাই দি আহিবৰ অৱকাশো পোৱা নাই। 1 অলপতে মনুদেৱ দেৱৰাজ ইন্দ্ৰৰ সভাত নাচ চাবলৈ গৈ নতুন কুমাৰী নাচনিয়াৰ এগৰাকী দেখি আচৰিত হল। এই গৰাকী কুমাৰী তেওঁৰ চকুত আগেয়ে পৰা নাই। কোনো দেৱতাৰ জিয়ৰীৰ ৰূপ তেওঁৰ চকুত এনে মনো- গোহা লগা নাই। কুমাৰীটি বৰ সুন্দৰী। নাক, চকু, মুখ, হাত, ভৰি প্ৰত্যেকটো যেন সৃষ্টিকৰ্ত্তাই সকলোবিলাকৰ বাছক "বনিয়াটে। বাছি আনি একে ঠাইতে জুবিলে। তাৰ উপৰি কি সুধুৰ কণ্ঠ, কি নাচোনৰ ভঙ্গি! মন্থদেৱৰ চকু কুমাৰী গৰাকীৰপৰা নাতৰাত পৰিল। তেওঁ যেনিয়েই যায় মন্ত্ৰদেৱৰ চকু সেই ফাললৈকে ঘূৰে। যতত্পৰ নাচ গান চলিল মনুদেৱে তথা লাগি তেওঁৰ গীত শুনিলে, নাচ চালে। এবাৰ কুমাৰী গৰাকীয়ে নাচ গাৰ্নত যোগ নিদিলে। উৰ্ধ্বশী, মেনকা, ৰম্ভ৷ ৩