পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্ব্বাদ বিধতা পুৰুষৰ একেটি লৰা। নাম মন্নু। উপনয়নৰ পাছতে পিতাকে পুতেকক গুৰুৰ ঘৰত শিক্ষা লবলৈ পঠালে। মনুদেৰ অতকাল গুৰু ঘৰতে আছিল। এতিয়া পঁচিশ বছৰ বয়সত শিক্ষা সাং কৰি ঘৰলৈ উভতি আহিছে। হাতত কাম-কাজ একো নাই, দেৱকুমাৰ সকলৰ সৈতে মহল৷ মাৰে, ভোগ খায় আৰু শোৱে। ৰাতি হলে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ সভাত নাচ-গান চায়গৈ। ঘৰৰ সকলো কাম মাক সাবিত্ৰীদেৱীয়েই চায়। ডেকা পোৰ গাত কোনো কামৰ বাব এতিয়ালৈকে পৰ। নাই। সাবিত্ৰীদেৱীৰ দিনৰ দিনটো কামতে তত । নিজৰ আৰু পুতেকৰ ভোগত কাকে| হাত লগাবলৈ নিদিয়ে। নিজে ৰান্ধিব, নিজে বাঢ়িব। তাৰ উপৰি শাক বচা, পাচলি কুটা আছেই। খাওঁতাও বহুত। পালি দেৱত। বহুতৰ লৰাই সাবিত্ৰীদেৱীৰ হাতেৰে খোৱাৰ আশাতে বিধতা পুৰুষৰ ঘৰতে থাকে। দানৱ, দৈত্য, যক্ষ কিমানৰ লৰাই জিভাত সোৱাদ লগাই খাবলৈ পোৱাৰ আশাতে কত কাম কৰি দিয়ে তাৰ ঠিকন৷ নাই। কাম কৰাত কৈ নলগা জেঙাত লাগি দানৱ, দৈত্য, যক্ষৰ লৰাহঁতে আহুকাল হে বঢ়ায়। সাবিত্ৰীদেৱীয়ে ঘৰৰ সকলো বস্তু থান-থিত লগাই থয়। কোন তলকত কোনটো দানৱ, দৈত্য, যক্ষৰ লৰাই কৰ বস্তু নি ক'ত পেলায় তাৰ ঠিক নাই। সাবিত্ৰীদেৱীয়ে সুধিলে সিহঁতে আকৌ দাত হে উলিয়ায়। দেৱীয়ে হাত দাঙিলেই বা দাবি দিলেই গোটেই 'জাক লৰাই কিৰিলি মাৰি ফিৰিঙতি ভগাদি ভাগি ফুলনিত সোমায়গৈ। তাত গোলাপ, টগৰ, মালতী, যূতি, জাই ফুলৰ মাজত লুক|-ভুমুকা থেলোতে ফুলনি মহটিয়াই পেলায়। কোনোটোৰ হয়তো গোলাপৰ কাঁইটত লাগি চুৰিয়৷ ফাটিল। সি পালেগৈ সাবিত্ৰীদেৱীৰ ওচৰ৷ “অ’ আই, এই চুবিয়াখন ফিচিকি ফাটিল, সিয়নি দি দিয়ক।” “চাওঁ কেনেকৈ ফিচিকিলে” বুলি সাবিত্ৰীদেৱীয়ে লৰাটোৰ হাতত ধৰিলে। “অ” এইডোখৰ হবলা ফিচিকি ফটা? কাঁইটত লাগি ফটা নাই?” লৰাটোৱে তেও সৈ নাকাঢ়ে। সাবিত্ৰীদেৱীয়ে তাৰ মূৰত হাত বুলাই কয় - “আসৈ মাতিব নাপায় নহয়, বোপাই। বাক চাচোন, মোৰ ইমানবোৰ কাম।