পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰৱন্ধ-সংগ্ৰহ

তুমি বিশ্বৰ সৃষ্টি কৰ্ত্তা আৰু স্থাবৰ জঙ্গমাত্মক সকলো পদাৰ্থৰ অধিপতি। তুমি পৰম পদ, হিৰণ্যগৰ্ভ। তুমি এক মাথোন হৈয়ো দ্বাদশ অংশত আবি- ভূৰ্ত হৈছা। তুমি সূৰ্য্য স্বৰূপ; তোমাক নমস্কাৰ। যি শুক্লপক্ষত দেৱতা- সকলক আৰু কৃষ্ণপক্ষত পিতৃসকলক অমৃতৰ দ্বাৰাই পৰিতৃপ্ত কৰে, তুমি সেই চন্দ্ৰৰূপী, তোমাক নমস্কাৰ। যি অজ্ঞান এন্ধাৰৰ পৰপাৰবৰ্ত্তী, যাক জানিলে মৃত্যুভয় নাথাকে, সেই জ্ঞেয়াত্মাক নমস্কাৰ। অতি বিস্তীৰ্ণ সামবেদে যাক বৃহৎ বুলি কীৰ্ত্তন কৰে, অগ্নিৰ কাষত আৰু যজ্ঞস্থলত যাৰ মহিমা কীৰ্ত্তিত হয়, ব্ৰাহ্মণসকলে যাক সদায় ধ্যান কৰে, সেই বেদম্বৰূপ তোমাক নমস্কাৰ। ঋক্, আৰু যজুৰ্ব্বেদ যাৰ তেজ, যি পঞ্চহবিঃ আৰু সপ্ততত্ত্ব বুলি অভিহিত হয়, সেই যজ্ঞস্বৰূপক নমস্কাৰ। যি সপ্তদশ অক্ষৰেৰে আহুত হয়, সেই হোম স্বৰূপক নমস্কাৰ। যি বেদপুৰুষৰ নাম যজু, ছন্দসকল যাৰ গাত্ৰ, ঋক যজু আৰু সামবেদ প্ৰবৰ্ত্তিত তিনি যজ্ঞ য'ৰ তিনটি মস্তক আৰু ৰথান্তৰ যাৰ প্ৰীতিবাক্য, সেই স্তোত্ৰস্বৰূপক নমস্কাৰ। যি সহস্ৰবছৰ সাধ্য যজ্ঞত আবিৰ্ভূত হৈছিল, যি বিশ্বস্ৰষ্টা সকলৰো শ্ৰেষ্ঠ, সেই হিৰন্ময়পক্ষ সম্পন্ন হংস স্বৰূপক নমস্কাৰ। সুপ্তিঙন্ত পদবোৰ যাৰ অঙ্গ, সন্ধি যাৰ পৰ্ব্ব, স্বৰ আৰু ব্যঞ্জন যাৰ ভূষণ, সেই দিব্য অক্ষৰ বাক্যস্বৰূপক নমস্কাৰ। যি যজ্ঞাঙ্গভূত বৰাহমূৰ্ত্তি ধৰি ত্ৰিলোকৰ হিতসাধনৰ অৰ্থে পৃথিবীক উদ্ধাৰ কৰিছিল, সেই বীৰ্য্যস্বৰূপক নমস্কাৰ। যি যোগ অৱলম্বন কৰি অনন্তৰ সহস্ৰ ফণা বিৰচিত পৰ্য্যঙ্কত শয়ন কৰিছিল। সেই নিদ্ৰাস্বৰূপক নমস্কাৰ। ভিন ভিন ধৰ্ম্মাৱলম্বী ভিন ভিন ধৰ্ম্ম- ফলাভিলাষী মহাত্মাসকলে ভিন ভিন ধৰ্ম্ম অৱলম্বন কৰি যাক অৰ্চ্চনা কৰে, সেই ধৰ্ম্মাত্মাক নমস্কাৰ। যাৰ অঙ্গ প্ৰত্যঙ্গ সকলোবোৰ কামময়, যি সকলো প্ৰাণীক কামমদত উন্মত্ত কৰে, সেই কামাত্মাক নমস্কাৰ। মহৰ্ষিসকলে যিজন দেহস্থিত অব্যক্ত পুৰুষক অনুসন্ধান কৰে, যিজন ক্ষেত্ৰজ্ঞ পুৰুষ সদায় বুদ্ধিত বিৰাজমান হৈ আছে, সেই ক্ষেত্ৰস্বৰূপক নমস্কাৰ। যি নিত্যস্বৰূপ, যি ষোড়শ গুণেৰে পৰিবৃত হৈ, জাগ্ৰৎ, স্বপ্ন আৰু সুষুপ্তি এই তিনি অৱস্থাত অৱস্থিত হৈ আছে সাংখ্যত যাক সপ্তদশ বুলি কীৰ্ত্তন কৰে সেই সাংখ্যাত্মকক নমস্কাৰ। শান্ত প্ৰকৃতি ইন্দ্ৰিয় দমনশীল মানুহে নিদ্ৰা আৰু শ্বাস প্ৰশ্বাস পৰাজয় কৰি যোগত মনোনিবেশ কৰি যাক জ্যোতিম্বৰূপত নিৰীক্ষণ কৰি থাকে, সেই যোগাত্মাক নমস্কাৰ। শান্ত প্ৰকৃতি মোক্ষাৰ্থী সন্ন্যাসী সকলকে পাপ পুণ্য ক্ষয় হলে যাক পায়, যি সহস্ৰ যুগৰ পিছত প্ৰদীপ্ত মাৰ্ত্তণ্ডৰূপে ধাৰণ কৰি সমস্ত ভূতকে বিনাশ কৰে, সেই যোৰ স্বৰূপক নমস্কাৰ