পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্ত্তমান যুগৰ সমস্যা সকলোকে বিশ্বৰ ভড়ালৰ সমান অংশীদাৰ কৰি তোলা। এই সমস্যাটো দুভাগত ভাগ কৰি লব পাৰি। প্ৰথম—বিশ্ব সভাত সকলো দেশ আৰু জাতিক সমান আসন দিব লাগিব। স্বাধীন হ'ব লাগিব সকলো দেশ। সাম্ৰাজ্যবাদ কৰিব লাগিব লুপ্ত। দ্বিতীয়—দেশৰ সকলো মানুহেই সমানে— কোনো শ্ৰেণী বা জাতিৰ ভেদ নাৰাখি দায়িত্ব লব আৰু উৎপন্ন ভোগ কৰিবলৈ পাব লাগিব। (গ) ভৌগলিক সীমা, জাতীয় স্বাৰ্থ, সম্মান, জাতীয় কৃষ্টিৰ অভিমান লৈও দেশে দেশে, মানুহে মানুহে বিচ্ছেদ। পৰ্ব্বত আৰু সাগৰৰ সীমা অতিক্ৰম কৰি যাব নোৱাৰিলে, ৰেল, জাহাজ, এৰোপ্লেন আদিৰ আবিষ্কৃতিৰ সাৰ্থকতা ক'ত? সকলোকে যদি সমান সমান আৰু সম্পদ অধিকাৰী হবলৈ সুবিধ৷ দিয়া হয়, তেনেহলে স্বদেশপ্ৰেমৰ মাদকতাৰ কি আৱশ্যক? কষ্ট যদি জ্ঞান-জ্যোতিৰ বিকিৰণকে বুজাই, তেনেহলে তাক কাৰো সুকীয়া সম্পদ বুলি ভাবিবৰকি. অৰ্থ আছে? পোছাক-পৰিচ্ছদ আৰু আচৰণৰ মূল্যহীন পাৰ্থক্যকে কৃষ্টি বৈশিষ্ট বুলি ভুল নকৰিলে, কুষ্টিলৈ কাজিয়| কৰিবলৈ কি থাকে? আপত্তি উঠিব পাৰে মানুহৰ সৃষ্টিতে বৈষম্য আছে। মানসিক, শাৰীৰিক কোনো শক্তিয়েই সকলোৰে সমান নহয়। মানুহৰ শক্তিৰ যি তাৰতম্য, সি সংগৃহিত কিম্ব৷ স্বভাবজ তাক নিশ্চয়কৈ কোৱা টান। যুগ যুগান্তৰৰপৰী স্বাভাবিক বুলি ধৰি লৈ চল৷ কাৰণেও হয়তে৷ বৈষম্য আমাৰ স্বভাবজ নহলেও মজ্জাগত হৈ পৰিছে, অৱস্থাৰ তাৰতম্যৰ কাৰণে হয়তো শক্তিৰে৷ তাৰতম্য ঘটিছে।, সমান অৱস্থা আৰু সমান ভাবত লালিত পালিত হ'লে, হয়তো এদিন বৈষম্যৰ গ্লানি মানুহৰ মনৰপৰ৷ মোছ থাব। শক্তিৰ বৈষম্য স্বীকাৰ কৰি ললেও, সমান অৱস্থাৰ সুযোগ সকলোকে দিয়াৰ মহত্ব শ্ৰেষ্ঠ জীৱ হিচাবে মানুহৰ প্ৰাপ্য। . সভ্যতাৰ যদি কিবা, মূল্য আছে, কৃষ্টি সাধনৰ যদি কিবা গৌৰৱ আছে, সমাজ বান্ধোনৰ কিবা যদি উপযোগিত! আছে, তেনেহলে শক্তিমানৰ শক্তি দুৰ্ব্বলীক শোষণ কৰাত অপচয় হোৱাতকৈ, শক্তিত যি হীন তেওঁৰ অসামৰ্থ্য পূৰণ কৰাত লগাই নিশ্চয় বাঞ্চনীয়।