পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ জ্ঞান, বিজ্ঞানৰ অভূতপূৰ্ধ্ব উন্নতি স্বত্ত্বেও, আজিও আন্তৰ্জাতিক অবাজকতা বিৰাজ কৰিছে। ন্যায়ৰ মৰ্য) দে। ক্ষুন্ন কৰি আজিও লোভ আৰু বলেই আন্তৰ্জাতিক সম্পৰ্ক নিৰ্ণয় কৰিছে। যি সময়লৈ আমি অসভ্য যুগ বুলি আঙুলীয়াও, সেই সময়ৰ দবে আজিও মানুহে শাৰীৰিক শক্তিৰ ওপৰতে নিৰ্ভৰ কৰি পৰস্পৰৰ সম্বন্ধ আৰু স্বাৰ্থ মীমাংসা কৰিব লগা হৈছে। যি বৈজ্ঞানিক আবিস্কৃতি মানুহৰ সুখ, সম্ভোগৰ কাৰণে ব্যৱহাৰ হ'ব লাগিছিল, তাৰে সহায়ত আজি মানুহৰ ওপৰত মানুহব অত্যাচাৰ বহু গুণে বেছি বৰ্কমে নিৰ্ম্মম কৰি তোলা হৈছে। আন্তৰ্জাতিক অনুষ্ঠান হিচাবে প্ৰথম চেষ্টা জাতি-সঙ্ঘ। কিন্তু ন্যায় প্ৰতিষ্ঠাতকৈ দুটামান জাতিৰ স্বাৰ্থ সংৰক্ষণৰ ভাবেই 'জাতি সঙ্ঘৰ প্ৰৱল জোৰব ওপৰত যি যিমান অধিকাৰ কৰি লৈছে, তেওঁ তাৰে গবাকী হৈ যাওক, বঞ্চিত জনে একো নামাতিব —এই ভাব লৈ কাম কৰ৷ সভাক কোনে মানিব? জাতি সঙ্ঘক অবজ্ঞা কৰি কোনো কোনো জাতিয়ে নিজৰ স্বাৰ্থ ৰক্ষা আৰু অন্যৰ স্বাৰ্থ অপহৰণত লাগি গৈছে। জাতি সঙ্ঘ বিফল হৈছে। ১৪ বৰ্ত্তমান সভ্যতাৰ শোচনীয় অকৃতকাৰ্য্যতা নায়ক বলতকৈ ওখ আসন দিব নোৱৰাটো। ন্যায়ব মানদণ্ড লৈ জগতত শান্তি প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰাই এই যুগৰ প্ৰধান সমস্য| হৈ পৰিছে। ( ) শান্তি প্ৰতিষ্ঠা কৰিব লাগিলে, অশান্তিৰ মূল কাৰণলৈও যাৰ লাগিব। অশান্তিৰ মূল কাৰণ অৱস্থাৰ বৈষম্য, ভাগ বটোৱাৰ বিপৰ্যায় (mal-distribu- tion)। বিজ্ঞানৰ সহায়ত আজি যি পৰিমানে উৎপন্ন হোৱা সম্ভব হৈছে, সমানে ভাগবটাই ললে তাৰেই সকলোৱে সাংসাৰিক ভাবে সুথেৰে থাকিব পাৰে। মানুহে মানুহক হিংস্ৰ জন্তুতকৈও নিৰ্দয়ভাবে হত্যা আৰু শোষণ কৰাৰ যি ঘৃণনীয় দৃশ্য আমি দেখিবলৈ পাওঁ, তাক দূৰ কৰিব লাগিলে, মানব সমাজ ন্যায় আৰু সাম্যৰ ওপৰত প্ৰতিষ্ঠা কৰিব লাগিব। আজি এখন দেশৰ স্বাৰ্থৰ কাৰণে আন দুখন দেশ শোষণ কৰা হৈছে। এজনে দহজনৰ প্ৰয়োজনৰ সামগ্ৰী দখল কৰি আছে। শাসনৰ সকলো জবৰদস্তি প্ৰয়োগ হৈছে বৈষম্যৰ এই অৱস্থাকে ৰজায় বখাত। এই যুগৰ মূল সমস্যা মানুহ আৰু মানুহৰ ভিতৰৰ এই বৈষম্য দূৰ কৰি,