পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্ত্তমান যুগৰ সমস্যা এই যুগৰ ইতিহাসে বহুবিষয়ত মানৱজাতিৰ উন্নতিৰ কথাকে কয়। বিজ্ঞানৰ উন্নতি এই যুগত অভিনৱ। বৈজ্ঞানিক আবিস্কৃতিয়ে শিল্পাদি ক্ষেত্ৰত বিপ্লব আনি দিলে। যাদুমন্ত্ৰৰ জোৰত যেন পৃথিবীৰ চেহেৰা বদলি হৈ গ'ল। সাধুকথাৰ দৈত্যৰ নিচিনাকৈ যন্ত্ৰই আজি মানুহৰ সকলো যোগান ধৰিছে। যান্ত্ৰিক সভ্যতাই উৎপন্নৰ প্ৰশ্নটো কৰি তুলিলে সহজ সাধ্য৷ প্ৰচুৰ হল উৎপন্ন। সকলো উন্নতি স্বত্ত্বেও মানুহৰ মাজত পশু-প্ৰকৃতিৰ তাণ্ডব লীলা। প্ৰাচুৰ্য্যৰ মাজতে৷ মানুহৰ অনাটন। মানুহৰ ভড়ালত আজি হয়তো একোৰে অনাটন নাই, তথাপিটো কিন্তু মানুহৰ দুখ, দুৰ্দশা, অভাৱ, হাজাৰ হাজাৰ বছৰৰ আগতে যেনে আছিল আজিও তেনেই আছে। বিশ্বৰ ভড়ালৰ ছাৰী কেইজনমান কুবেৰৰ হাতত। স্তুপিকৃত ঐশ্বৰ্য্যৰ ওপৰত তেওঁলোক বহি আছে। নন্দী, ভৃঙ্গীৰদলে ভিক্ষান্ন খাই জীৱন ধাৰণ কৰিছে বা সঁচা কথা কবলৈ গলে মৃত্যু বৰণ কৰিছে। বহুতো অৰ্দ্ধাশন আৰু অনশনত জৰ৷-জীৰ্ণ, আনফালে কেইজনমানৰ অতি ভক্ষণৰ ফলত অজীৰ্ণ। এওঁলোকৰে আকৌ অজীৰ্ণ উপশমৰ কাৰণে খাণ্ডব দাহন। ( ক ) কোনো কোনো দেশে যন্ত্ৰৰ সাহায্যত উৎপন্ন কৰিছে খুব বেছি। উৎপন্ন- বস্তুৰ বিক্ৰীৰ কাৰণে তেওঁলোকক লাগে বজাৰ; যন্ত্ৰদানবৰ খোৰাকীৰ কাৰণে লাগে খনি-সম্পদ আৰু কেছা বস্তু। বলীয়ে নিৰ্ব্বলীক বঞ্চিত কৰি সাম্ৰাজ্য বিস্তাৰ কৰিছে৷ যাৰ আছে তেওঁক আৰু লাগে। যাৰ নাই তেওঁৰ ঈৰ্ষ৷। অভিমান, অভাৱৰ পীড়ন। ইয়াৰেই অৱস্যাম্ভাবী ফল স্বৰূপে সঙ্ঘৰ্ষ লাগিছে, পৃথিবীৰ শ্যামল কলেৱৰ ৰক্তাক্ত হৈছে, সভ্যতাৰ বহুমূলীয়া সাজ সজ্জা পেলাই নঙঠ। আদিম মানব দেখা দিছে। অতৃপ্ত লালসা। ৰঞ্চিতৰ ক্ষুব্ধ