পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজপুৰৰ পুৰণি কথা ৯১ মৃগাঙ্ক বা জোঙ্গালবহু অপুত্ৰক অৱস্থাত কছাৰীৰ লগত ৰণ কৰি কলং নৈত ডুবি মৰাত পঞ্চদশ খৃষ্টাব্দৰ মাজছোৱাৰ পৰা এই অঞ্চলত কিছুকাল বাৰ- ভূঞাই শাসন কৰে। নগাঁও জিলাত জোঙ্গাললহুৰ এটা গড় আছে। বাৰভূঞাৰ পিছত ইন্দ্ৰবংশী আহোম আৰু শিৱবংশী কোচৰজাসকলে ইয়াত ৰাজত্ব কৰিছিল। আৰিমত্তৰ জন্ম কাহিনী কামৰূপৰ বুৰঞ্জীত যি দৰে লিখা আছে তাৰ পৰা এনে বোধ হয় যে লৌহিত্য বংশৰ কোনো ব্ৰাহ্মণে তেওঁৰ মাক চন্দ্ৰপ্ৰভাক ব্ৰহ্মপুত্ৰত গা ধুই থাকোতে দেখা পাই হৰণ কবি কামাখ্যালৈ লৈ যায় আৰু তাতে সেই ব্ৰাহ্মণৰ ঔৰসত আৰিমত্তৰ জন্ম হয়। আমাৰ এই অঞ্চলত লৌহিত্য বংশৰ নাগাক্ষ নামে এজন ব্ৰাহ্মণ ৰজাই শকাদিত্যৰ শৰ্কৰ ৩০০ বছৰ- মানৰ পাছত ৰাজত্ব কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। এই জিলাত নাগশঙ্কৰ নামে যিটে৷ শিৱৰ দেৱালয় আছে সেইটো নাগাক্ষ ৰজাই প্ৰতিষ্ঠা কৰে। সেই দেৱালয়ৰ ওচৰতে তেওঁৰ ৰাজধানী আছিল। তেওঁৰ বংশৰ কেইবা জনাও ৰজা হৈ যোৱাৰ পিছত সেই বংশৰ নাশ হয়।

এই নগৰৰ পৰা ৩২ মাইল পশ্চিমে শৃঙ্গাটক বা শিঙ্গৰি পৰ্ব্বত আছে। তাত এসময়ত ঋষ্যশৃঙ্গ মুনিয়ে আশ্ৰম পাতি কিছুদিন বাস কৰিছিল বুলি প্ৰবাদ আছে। সেই পৰ্ব্বতৰ দাতিত গোপেশ্বৰ নামে শিৱৰ দেৱালয় আছে। দেৱালয়ৰ মন্দিৰটি চটিয়া শিল আৰু ইটাৰে ধুনীয়াকৈ সজা। তাত শিৱচতুৰ্দ্দশীত বছৰি উৎসৱ হয় আৰু মেলা বহে। “কালিকা পুৰাণত” আছে—“শৃঙ্গাটকং সমাৰোহ লিঙ্গশঙ্কৰম্।” তেজপুৰৰ পৰ৷ ১৯ মাইল উত্তৰ পূবে নন্দিকেশ্বৰ, তাৰ পূবে সৌভাগ্যমাধৱ, তাৰ পূবে নাগশঙ্কৰ দেৱালয় আছে। কলাবাৰীত বৰকালিকা বা মহাকালী, গহপুৰত ধন্দি, কলংপুৰত কল্যাণী, বিশ্বনাথত বিশ্বেশ্বৰ, কমলেশ্বৰ, উমা, চণ্ডী, নৃসিংহ, বাণেশ্বৰ, মুক্তিনাথ, বাহুদেৰ, সূৰ্য্যমাধৱ, গণেশ, কালভৈৰৱ, সিদ্ধেশ্বৰ, চণ্ডেশ্বৰ, অন্নপূৰ্ণা আদি দেৱালয় আছে। ইয়াৰ ভৈৰবী দেৱালয়ৰ ওচৰৰ বান্দৰদেৱ৷ পৰ্ব্বতত হৰিহৰ নামে এজন ভূঞাই এটি শিৱমন্দিৰ প্ৰতিষ্ঠা কৰি বাৰভূঞা ৰাজ্য পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে তপস্যা কৰিছিল। মোৱামৰীয়া বিদ্ৰোহত তেওঁ মোৱামৰীয়াৰ পক্ষে যুদ্ধ কৰি প্ৰাণ হেৰুৱায়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই জিলাৰ বৰগাং নৈৰ পাৰত গাংমৌ সত স্থাপন কৰি তাত ছয়মাহমান বাস কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ পিতৃ-