পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ এনেতে ৰামপালৰ মৃত্যু হয় আৰু তেওঁৰ পুতেক কুমাপাল বঙ্গদেশৰ ৰজা হয় 1 তেতিয়৷ তিঙ্গদেৱে কুমাৰপালক কৰ নিদি নিজক স্বাধীন নৃপতি বুলি ঘোষণা কৰে। কুমাৰপালে আকৌ বৈদ্যদেৱক কামৰূপলৈ পঠায়। ১১৩১ খৃষ্টাব্দত বৈদ্যদেৱৰ লগত তিঙ্গদেৱৰ যুদ্ধ হয়। সেই যুদ্ধত তিঙ্গদেৱৰ মৃত্যু হয়। বৈদ্যদেৱে কামৰূপ অধিকাৰ কৰি নিজে ৰাজ্য শাসন কৰে। পিছত তেৱেঁই কামৰূপৰ ৰজা হয়। তিঙ্গদেৱৰ মৃত্যুৰ লগে লগে কামৰূপত নৰকালুবৰ বংশধৰ সকলৰ বাজত্ব শেষ হয়। প্ৰায় ছহেজাৰ বছৰ এই বংশৰ ৰজা সকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। তিঙ্গদেৱে স্থাপন কৰা তিঙ্গেশ্বৰ শিৱৰ দেৱালয়ৰ ভগ্নাৱশেষ এতিয়ালৈকে ভৈৰৱ-পদৰ ওচৰত আছে। সেই ভগা দেৱালয়টিকে এই প্ৰসিদ্ধ ৰাজবংশৰ শেষ ৰজাৰ শেষস্মৃতি বুলি তেজপুৰে আজিলৈকে বুকুত লৈ আছে। 20 বৈদ্যদেৱে কামৰূপ ৰাজ্যৰ নামনি খণ্ডত হে ৰাজত্ব কৰিছিল। উজনিত আমাৰ এইফালে ৰজা ধৰ্ম্মপালৰ নাতি সেমিপাল নামে এজন কোঁৱৰে কথকা গাৱঁত ৰাজধানী পাতি ৰাজত্ব কৰিছিল বুলি “কামৰূপৰ বুৰঞ্জী” পুথিত লিখা আছে। কন্যকা এখন সমৃদ্ধিশালী গাওঁ আছিল। জীয়া ভৰলী নৈয়ে সেই গাওঁ খন ভাঙ্গিলে। সোমপালৰ পিছত তেওঁৰ পুতেক ভালুকপেং বা ৰামচন্দ্ৰ কোৱঁৰে প্ৰতাপসিংহ নাম লৈ ৰজা হয়। তেওঁ প্ৰতাপগড় নামে দুৰ্গ কৰায় আৰু সেই দুৰ্গৰ পৰ৷ উত্তৰে 'দফলা পৰ্ব্বতলৈকে আক দক্ষিণে বিশ্বনাথ নগৰলৈকে গড় বন্ধায়৷ তেওঁৰ ৰাজছত্ৰত মীন অঙ্কিত কৰা বাবে তেওঁক মীনাঙ্ক বুলিও কয়। উমাটুমনিত তেওঁৰ দিনৰ শিলা লিপি আছে আৰু শিলত চক্ৰবেহু, বাঘ-খেল আদিও অঁকা আছে। তেওঁৰ ৰাজধানী লৌহিত্যপুৰ এতিয়াৰ বিশ্বনাথ নগৰত আছিল; সৈন্য-সামন্ত বিলাক প্ৰতাপগড়ত আছিল। এই বংশৰ ৰজা সকলৰ নাম তলত লিথা গল :-- আৰিমত্ত বা গজাঙ্ক ৰত্নসিংহ বা শূকৰাঙ্ক শুকালাঙ্ক বা শূঙ্কাঙ্ক 1 মৃগাঙ্ক বা জোঙ্গালবলহু