পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ বিজয় লক্ষ্মী চঞ্চলা। ৭৫০ খৃষ্টাব্দত যেতিয়া শ্ৰীহৰ্ষধৰ্ম্মা মগবত বাহৰ কৰি থাকে, তেতিয়া কনৌজৰ ৰজা যশোবৰ্ম্মনে অনেক সৈন্য-সামন্ত লৈ তেওঁক তাতে আক্ৰমণ কৰেহি। দুয়ো পক্ষৰ ভিতৰত ভীষণ যুদ্ধ হয়। সেই যুদ্ধত শ্ৰীহৰ্যবৰ্ম্ম৷ পৰাজিত আৰু নিহত হয়। তেতিয়াৰ পৰাই কামৰূপ সাম্ৰাজ্যৰ আয়তন ক্ৰমে ক্ৰমে সক হৈ আহে। তেওঁৰ পিছত তেওঁৰ পুতেক দ্বিতীয় বলবৰ্ম্মা আৰু প্ৰালন্ত ক্ৰমে ৰজা হয়। প্ৰান্তৰ পিছত তেওঁৰ পুতেক হৰ্জৰবৰ্ম্মাই ৮২০ খৃষ্টাব্দৰ পৰা ৮৩৫ খৃষ্টাব্দলৈকে ৰাজত্ব কৰে। ভৈৰৱ পদৰ ওচৰত দুটা থিয় শিল্প আছে। তাৰ ওচৰত এটা প্ৰকাণ্ড শিলত হৰ্জ্জববৰ্ম্মাৰ আদেশ মতে ৮২৯ খৃষ্টাব্দত লিখা এখন লিপি এতিয়ালৈকে বিদ্যমান আছে। সেই লিপিত এই নগৰৰ নাম হাটকেশ্বৰপুৰ বুলি লিখা আছে। তেওঁ এই নগৰৰ পৰ৷ দিয়া এখন তামৰ ফলিও ওলাইছে। তাৰ পৰা জনা যায় যে তেওঁ দাতি-কাষৰীয়া পৰ্ব্বতীয়া জাতিবিলাকক বশ কৰি ৰাখিছিল। তেওঁ থনোৱা হজ্ববা গুথুৰীয়ে আজিলৈকে তেওঁৰ স্মৃতি বহণ কৰি আছে। তেওঁৰ ঔৰসত আৰু তাৰাদেবীৰ গৰ্ভত বনমাল দেৱৰ জন্ম হয়। বনমাল বীৰপুৰুষ আছিল। তেওঁ ৰজা হৈ তেওঁৰ ৰাজ্যৰ সীমা দক্ষিণে সমুদ্ৰৰ পাৰলৈকে বহলাইছিল আৰু উত্তৰ বঙ্গ তেওঁৰ শাসনৰ তলত আছিল। তেওঁৰ এখন তাগৰ ফলিৰ পৰা জনা যায় যে তেওঁ ত্ৰিস্ৰোতা (তিস্ত| ) নৈব পশ্চিম পাৰে থক৷ চন্দ্ৰপুৰী বিষয়ৰ অভীশ্বব বটক নামে গাঁৱৰ কিছুমান মাটি এজন ব্ৰাহ্মণক দান কৰিছিল। এই তামৰ ফলিত এই নগৰৰ এটি সুন্দৰ বৰ্ণনা আছে। "Early History of Kamarupa.” পুথিত সেই বৰ্ণনাৰ কথা সুন্দৰকৈ লিখা আছে। . নৱম শতিকাব মাজভাগত এই তেজপুৰ নগৰৰ অৱস্থা কেনে উন্নত আছিল সেই বৰ্ণনাৰপৰ৷ ভালকৈ বুজিব পাৰি। ইয়াত যে অনেক দেৱ-মন্দিৰ আছিল ভাত কোনো সংশয় নাই। অকল বামুনী পৰ্ব্বততে সাতোট৷ মন্দিৰ আছিল। সেই পৰ্ব্বতত মন্দিৰবিলাকৰ যি ভগ্নাৱশেষ আছে, তাক দেখিলে বিস্ময় মানিব লাগে। এই ভগ্নস্তূপৰ মাজত নটৰাজ শিৱৰ মূৰ্ত্তি দেখা পোৱা গৈছিল। তেজপুৰৰ প্ৰায় সকলো বিলাক পৰ্ব্বতত আগৰ দিনৰ মঠ-মন্দিৰবিলাকৰ ধ্বংশাৱশেষৰ চিন দেখিবলৈ পোৱ৷ যায়, শিল আৰু ইটাৰে মন্দিৰবিলাক সজা হৈছিল৷ শিলবিলাক কাটি তাৰ ওপৰত ধুনীয়াকৈ ফুল কাটিছিল, দেৱ-দেবীৰ মূৰ্ত্তি সাজিছিল আৰু ডাঙ্গৰ ডাঙ্গৰ বিতোপন স্তম্ভ তৈয়াৰ কৰিছিল। শিলত এনে কাৰুকাৰ্য্য দেখি ইয়াত ভাস্কৰ বিদ্যাৰ যে কিমান উন্নতি হৈছিল সেইটে!