পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজপুৰৰ পুৰণি কথা হৰিবংশ' পুথিত লিখা আছে যে আহবনীয়া (যজ্ঞৰ) অগ্নিয়ে শোণিতপুৰ ৰক্ষা কবি আছিল। “কালিকাপুৰাণত” লিখা আছে যে বাণাসুৰৰ নগৰ শোণিতপুৰত অগ্নিদুৰ্গ বা অগ্নিগড় আছিল। এতিয়াও ইয়াৰ লুইতৰ দাঁতিৰ Observatory Hill বা “পদ্মপাৰ্ক বোল৷ পাহাড়টোক অগ্নিপৰ্ব্বত বোলে। বোধকৰে। তেজপুৰৰ এই নৈ কাষৰীয়৷ পৰ্ব্বত বিলাকত একবনকালি সততে যজ্ঞাগ্নি জ্বলি আছিল। “কুৰ্ম্মপুৰাণ” মতে এই আহবনীয়া অগ্নি অহৰহ প্ৰজ্বলিত হৈ তেজ বিস্তাৰ কৰি থকাৰ নিমিত্তে নগৰ খনৰ নাম তেজোৱতী আছিল। সেই পুৰাণে তেজোৱতীৰ যি ভৌগলিক স্থিতি নিৰূপণ কৰিছে তাব পৰা বুজা যায় যে তেজোৱতীয়েই শোণিতপুব। কালক্ৰমত তেজোৱতীৰ “তেজ” আৰু শোণিতপুৰৰ “পুৰ” লগ লাগি এই নগৰৰ নাম তেজপুৰ হয়। শৰণ লয়। বাণৰজাৰ ঊষা নামেৰে ভুবন মোহিনী কন্ঠা আক ইন্দ্ৰদমন নামে এটি পুত্ৰ আছিল। ভগবান শ্ৰীকৃষ্ণ আৰু কক্মিণী দেবীৰ নাতি অনিৰুদ্ধ কোঁৱৰক উষাৰ সখীয়েক চিত্ৰলেখা দেবীয়ে যোগবিদ্যাৰ বলত সুদূৰ দ্বাৰকাৰ পৰা ইয়ালৈ লৈ আহে আক উষাৰ লগত মিলন কৰি দিয়ে। বাণৰজাই এই কথা জানিবলৈ পাই কোঁৱৰক বন্দি কবি থয়। নাৰদৰ মুখে শ্ৰীকৃষ্ণই খবৰ পাই সসৈন্যে শোণিত- পুৰলৈ আহে। পাছে তুমুল বণ হয়। বাণৰজাই শিৱত শৰণাগতক ৰক্ষা কৰিবৰ নিমিত্তে শিৱই আহি ৰণত যোগ দিয়ে। এই ৰণকে হৰি-হৰ যুদ্ধ বোলে। শেষত উভয় পক্ষৰ ভিতৰত সন্ধি হয়, আৰু উষাক অনিৰুদ্ধ কেঁাঁৱৰে বিয়া কৰাই দ্বাৰালৈ লৈ যায়। যি ঠাইত এতিয়া তেজপুৰৰ কাছাৰি ঘৰ আছে তাতে ঊষাৰ মঠ কাৰেং আছিল বুলি কিংবদন্তিৰ পৰা জনা যায়। ইং ১৯০৬ চনত কাছাৰি ঘৰটো বঢ়াই ডাঙ্গৰ কৰিবৰ নিমিত্তে খানোতে মাটিৰ তলত এটা পুৰণি শিলৰ ঘৰৰ ভগ্নাৱশেষ থকা বাণৰজাই স্থাপন আৰু পূজা কৰা মহাভৈবব শিৱলিঙ্গ এই ভেটিৰ মাটি জনা গৈছিল। শুনিবলৈ পাইছে৷ ইমান ডাঙ্গৰ শিৱলিঙ্গ ভাৰতৰ আন কোনো নগৰত আছে। প্ৰদেশত নাই। Y দেবীকূটৰ আগৰ শিল আৰু ইটাবে সজা মন্দিৰ ভাগি গল। এতিয়া তাত মহাভাগা ভৈৰবী দেবীৰ দেৱালয় আছে। তেজপুৰৰ ভোমোৰা- গুৰিব পৰ্ব্বতৰ পৰা অক। পৰ্ব্বতৰ ভালুকপেঙ দুৰ্গলৈকে এটা অতি পুৰণি গড় আছে। এই গড়টো বাণৰজাই কৰোৱা বুলি প্ৰবাদ আছে। আকৌ ভৈৰৱকুণ্ডৰ পৰা তিব্বতৰ লাছা নগৰলৈকে যিটো পুৰণিকলীয়া বাৰ্ট আছে সেইটোও হেনো বাণৰজাৰ দিনৰ 9