সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ শোণিতপুৰ ৰাজ্যৰ ভিতৰত এতিয়াৰ উত্তৰ লক্ষ্মীপুৰ নহকুমা, ইয়াৰ উদ্ভবে থকা দফলা, অক। আৰু ভোটৰ পৰ্ব্বত শাৰীও পৰিছিল। দফলা পৰ্ব্বত শাৰীৰ মাজত নাটক নামে পৰ্ব্বতত শঙ্কৰব মহাশ্ৰম আছিল। তাত তেওঁ নটৰাৰূপে দেৱতা সকলৰে সৈতে নৃত্যবাদন কৰিছিল। নাটক পৰ্ব্বতৰ নামনিত মানস সৰোবৰ নিচিনা এটি মনোহৰ সৰোবৰ আছে। তাৰ চাৰিকালব পৰ৷ ভট্টাৰিকা (ভৰলী) দিক্কবিকা (দিকাই ) বৃদ্ধগঙ্গা (বুঢ়িগাং ) আৰু স্বৰ্ণবহা (বৰগাং) এই চাৰিখন নৈ বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। “দ্যৌ” আৰু প্লৱ এই দুটা শব্দ লগ লাগি “ঘৌপ্লৱ” হৈ শেষত “দফলা” হৈছে বুি বোধ হয়। “প্নৱ” বুলিলে এজাতি মানুহ বুজায়। সম্ভবতঃ দফলাবিলাক মহাদেৱৰ অনুচৰ গুহাক আছিল। বৃদ্ধগঙ্গাৰ মুখত উমাবনত উমাই শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰিছিল। শিৱই সেই বৃদ্ধগঙ্গাৰ মুখত বি ঠাইত উমাক দৰ্শন কৰিছিল সেই ঠাইকে বিশ্বনাথ বোলে। “কালিকা পুৰাণত” আছে— 2 “বৃদ্ধ গঙ্গাজল্যান্তম্ভীৰে ব্ৰহ্মস্থতত্স্য বিশ্বনাথৰয়ে৷ দেৱঃ শিৱলিঙ্গসমন্বিতঃ॥” সেই ঠাই বাবিধা পানীৰ তলত ডুবি থাকে। উমাবনৰ বৰ্ত্তমান নাম উমা-টুমণি। বিশ্বনাথৰ বিশ্বশৈলত চণ্ডীৰ দেৱালয় আক উমা-টুমণিত উমাৰ দেৱালয় আছে। দক্ষ-যজ্ঞত সতীয়ে প্ৰাণত্যাগ কবিলত বিষ্ণুৱে চক্ৰৰ দ্বাৰাই সতীৰ অঙ্গ খণ্ড বিখণ্ড কৰি পেলালে। সতীৰ পদ দুটি শোণিতপুৰ নগৰৰ দেবীকুটত, উৰুযুগল শিলঘাটৰ ওচৰব উড্ৰিয়ান বা কামকূট পৰ্ব্বতত এতিয়াৰ “কামাথ্যা” নামে দেৱালয় থকা ঠাইত আৰু স্তন দুটিৰ এটি বিশ্বনাথৰ চণ্ডী দেৱালয় থকা ঠাইত আক আনটি ঊমাদেৱালয় থকা ঠাইত পৰে। সেই বাবে সেইবিলাক ঠাই মহাপীঠ তীৰ্থ বুলি প্ৰসিদ্ধ। পুৰাণ আৰু তন্ত্ৰৰ পৰা জনা যায় যে শোণিতপুৰ নগৰত বাণ ৰজাৰ জীৱাৰী ঊষ৷ দেবীৰ মঠ আছিল; এই নগৰৰ পূবে দেবীকূট তাৰ পূবে ৰূদ্ৰপদ আৰু কণ্যাশ্ৰম বা চাবনমুনিৰ সিদ্ধাশ্ৰম আৰু সোমকুণ্ড, তাৰ পূবে বিশ্বনাথ আৰু উদ্ভাবন। বিশ্বনাথেই বাণ ৰজাৰ গুপ্তকাশী। তাত ঊন কোটি শিৱলিঙ্গ থকা বুলি প্ৰবাদ আছে। চ্যবনগুনিৰ পালিত। কন্য। কণ্যকাই যি ঠাইত শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰিছিল, তাতে ৰূদ্ৰপদ আছে। এই ৰূদ্ৰপদ ভোগোৰাগুবি পৰ্ব্বতৰ পূবে।