পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজপুৰৰ পুৰণি কথা তেজপুৰ দৰং জিলাৰ সদৰ ঠাই। সংস্কৃত ছৌঃ + অঙ্গ শব্দৰ পৰা “দ” শব্দ উৎপত্তি হোৱ৷ বুলি মনে ধৰে। “ঘৌঃ” অৰ্থ স্বৰ্গভূমি। সায়ানাচাৰ্যই অথৰ্ব্ব বেদৰ ভাষ্যত এঠাইত কৈছে-- “হিমবৎ শিৰঃ প্ৰদেশ এৰ স্বৰ্গভূমিৰিতি প্ৰসিদ্ধঃ।” অৰ্থাৎ হিমালয় পৰ্ব্বতৰ শীৰ্ষদেশেই স্বৰ্গভূমি। হিমালয়ৰ ঠাল-ঠেঙ্গুলি স্বৰূপ অসমৰ পৰ্ব্বত বিলাক হিমালয় বা দ্যৌৰ অঙ্গ। হিমালয় প্ৰদেশৰ ভিতৰত অসমৰ দৰং জিলাও পৰে। হিমালয় প্ৰদেশ বা ঘৌত কশ্যপ ঋষিৰ বৰপুতেক হিৰণ্যকশিপুৱে ৰাজত্ব কৰিছিল। দিতিৰ গৰ্ভত জন্ম লোৱা বাবে তেওঁক দৈত্য বোলে। নৰসিংহ বিষ্ণুৱে তেওঁক বধ কৰে। তেওঁৰ পুতেক মহাভক্ত প্ৰহ্লাদ। প্ৰহ্লাদৰ পুতেক বিৰোচন। বিৰোচনৰ পুতেক বলি। বলি মহাদানী আৰু বীৰ আছিল। বামণ অৱতাৰত ভগবান বিষ্ণুৱে তেওঁক ছলন৷ কৰি পাতাললৈ পঠাই দিয়ে। স্বৰ্গভূমিৰ পদতলত থকা ভূখণ্ডৰ নাম পাতাল। পাতালত ভোগৱতী গঙ্গা আছে। এই ভোগৱতী গঙ্গাৰ নাম পাছত ভোগলীয়া বোগলীয়া হৈ এতিয়া বৰাক বা কুশিয়াৰাত পৰিণত হৈছে যদিও বদৰপুৰৰ ওচৰত এতিয়াও এই নদী খনক বোগলীয়া বোলে; সুমা উপতাকা আৰু চট্টগ্ৰাম বিভাগেই পৌৰাণিক যুগৰ পাতাল। চট্টগ্ৰাম জিলাত এতিয়াও পাতাল শঙ্কৰ নামে শিৱৰ দেৱালয় আছে। বলিৰ পুতেক বাণ পৰম শিৱভক্ত আছিল। তেওঁ শিৱক তপন্যা কৰি পিতৃৰাজ৷ শোণিতপুৰ ঘূৰাই পাই তাত ৰাজত্ব কৰে। এই ৰাজ্য অতি পুৰণি আৰু প্ৰসিদ্ধ। ইয়াত প্ৰস্তৰ যুগৰ শিল্পৰ অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে।