পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আমি পাইছে। যেন লাগে; কাবণ গুলিবোৰ উত্তৰ পূৰ্বদিশৰ পৰ৷ দক্ষিণ পশ্চিম দিশলৈ মাৰিলে যেনেদৰে থাকিব লাগে ঠিক সেইদৰেই সৰহভাগ পোৱ৷ গৈছে। আনকি হাঁফলুৰ মাজে মাটিত গুলি সোমাই অহাৰ ঢোন্দে। ভালকৈ উলিয়াই লব পৰাকৈ আছে। যুদ্ধক্ষেত্ৰৰ উত্তৰ পূৱদিশে মান সেনা আৰু দক্ষিণ পশ্চিম দিশে অসমীয়া সেন! থকাটোৱেই বুবঞ্জী সন্মত কথা। শুভক্ষণত য'ত্ৰা কৰি আহি অসমীয়৷ সৈন্য জাঁজীৰ কাষত কেণ্ঠ পাতি ৰলহি। এই অসমীয়। সৈন্যই দলে দলে অসমীয়া মানুহ মানৰ ভয়ত যোৰহ'টৰ ফালে ভটীয়াই পলাই অহা লগ পাইছিল। এই পলাই অহ। মানুহ বিলাকৰ মুখৰ পৰা অসমীয়া সেনাপতি সকলে মানৰ গতিবিধি ভালকৈ জানিব পাৰি। ছিল। কিন্তু সৰহভাগ পলৰীয়৷ মানুহে মানৰ পৰ৷ ইমান ভয় পাইছিল যে সিহঁতে অসমীয়। সৈন্য মানৰ বাতৰিটে। দিবলৈ ৰবলৈকো ভয় কৰিছিল। ফুলপানী ছিগাত কোঠ পাতি থকা মানবিলাকক থেদাই দিবৰ নিমিত্তে অসমীয়া সেনা জাঁজী নৈ পাৰহৈ আগবাঢ়ি গল। মানেও অসমীয়া সৈন্য অহা দেখি কোঠৰ পৰা দলে বলে ওলাই আগ বাঢ়ি আহিল। এই দুয়োদল আহি জামুগুৰি চাপৰিত মুখামুখী হল। কাকতি ফৰিঙৰ দৰে মান বিলাক ভটীয়াইছিল আৰু অসমীয়া সৈন্য জাঁজী পাৰহৈ উজাইছিল। মানৰ সেন| বিলাকৰ ভিতৰত কেবা ৰকাৰো মানুহ আছিল এইবিলাকৰ পোছাক পৰিচ্ছদৰ বিষয়েও কলি ভাৰতে বৰ্ণনা দিছে। সিহঁতৰ সৰহ ভাগে আগলৈ খোসা বান্ধে। মুখ গাইগুৱ৷ দাঢ়ি গোঁফৱ চিন নাই—মাইকী মানুহৰ দৰে। মূৰত একোখন কাপোৰ মেৰিয়াই বান্ধে। এই খনক সিহঁতে “কাওঁ বাওঁ" বোলে। তিৰীৰ দৰে পোন্ধ নমৰা:ৈ পিন্ধ অঁক বাঁক মেখেলাৰ নিচিনা কাপোৰক ইহঁতে ‘ফ্যও বোলে। এই সংঘৰ্ষত যোগ হেজাৰ মান সেনা আৰু প্ৰায় ওঠৰ হেজাৰ অসমীয়া সেনাই যুদ্ধ কৰে। অস্- মীয়৷ সৈন্যৰ লগত দেশী বিদেশী নানাৰকমৰ সৈন্য আছিল। অসমৰ স্বাধীনতাৰ বুৰঞ্জীৰ শেহছোৱাত, নাম জানিব লগীয়া মানুহৰ ভিতৰত হাও বৰাৰ নামে। লেখত পৰে। এই হাও বৰাৰ তলত বাচ কটীয়| দৈন্য, কোঁৱৰ খেলৰ হিলৈ- দাৰি সৈন্য, ৰঘুৰ চুপাদাৰৰ তলত বিদেশী চিপাহি আদিয়ে মহা বিক্ৰমেৰে যুদ্ধ দিছিল। মৰঙ্গিথোৱা গোহাঞ দলপতি আছিল যদিও, গগৈ সেনাপতিয়েই সকলো দায়িত্ব লৈ যুদ্ধত সৈন্য পৰিচালনা কৰিছিল। গগৈ আৰু কিয়ামিঙ্গিৰ ভিতৰত গালি পৰাপৰি হৈছিল বুলিও বুৰঞ্জীত লিখা আছে।