পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগ৷ ৰণৰ প্ৰাসঙ্গিক কথা ই মান-ৰাণৰ উৎপাঙত দেশ ছাৰথাৰ হোৱাৰ সময়ৰ আৰু তাৰ পাছৰ, — অসমৰ স্বাধীনতা বেলি মাৰ গৈ পৰাধীনতাৰ আন্ধাৰ সোমোৱাৰ ঠিক অলপ আগৰ, মহাপ্ৰভাপী স্বৰ্গদেৱসকলৰ বংশধৰৰ পৰা বৃটিছে অসম ৰাজ্য মানৰ হাতেদি লোৱ! সময়ৰ,—আৰু অসম-ৰাজ্যৰ ভেটি ৰখীয়া, মহামতি পূৰ্ণানন্দ বুঢ়া গোঁহাই ডাঙৰীয়াৰ ডেউকাৰ তলৰ পৰা অসম দেশ ওলাই অহাৰ পাচৰ কথা; ভগা ৰাজ্য আকৌ পাতোতে বৃটিছৰে। অনেক বছৰ লগাটো স্বাভাৱিক। অসম বুৰঞ্জীৰ অলপ চৰ্চ্চা থকা লোকেও স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহৰ শাসনৰ আৰম্ভতে বদন বৰফুকনে অসমলৈ মান অনা কথা জানে। মানৰ প্ৰথম আক্ৰমনৰ সম্পূৰ্ণ ফলাফল দেখিবলৈ নৌপাওঁতেই পূৰ্ণানন্দ বুঢ়৷ গোঁহাই ডাঙৰীয়াৰ মৃত্যু হয়। মান বদনৰ লগৰ যুদ্ধত অসমীয়া সৈন্যৰ পৰাজয়ৰ কথা শুনি বুঢ়৷ গোঁহাইৰ পুত্ৰ নতুনকৈ হোৱা বুঢ়৷ গোঁহ!ই অ'ৰু তেওঁৰ ভায়েক ছয়োজন ভটীয়াই পলাই মূল পিতৃধৈৰী বদনৰ হাতত পৰিলে তেওঁবিলাকে ৰক্ষ। পোৱা টান হব বুলি ভাবিয়েই এনে কৰিবলৈ বাধ্য হল। বদন চন্দ্ৰই নিজে মন্ত্ৰী বৰফুকন হৈ বিষয়! ভাঙি-পাতি স্বৰ্গ:ন্দ্ৰ চন্দ্ৰকান্তক ৰাজগাটত সাক্ষী যেন কৈ থৈ ৰাজকাৰ্য্য চলাবলৈ ধৰিলে, বদনৰ পৰামৰ্শ মতে স্বৰ্গদেৱে মান বজালৈ নিজ-বংশৰ বগা কোঁৱবৰ জীয়েকক বিহ্বা দি মিত্ৰতা কৰিবলৈ পঠালে আৰু মনিক সন্তুষ্ট কৰি ধন সোন আদি দি নিজ দেশলৈ বিদায় দিলে। এই দৰেই মানৰ 2থম আক্ৰনণ শেষ হল। বদনৰ প্ৰতিপত্তিৰ আৰম্ভৰ লগে লগে আগৰ পূৰ্ণানন্দ বুঢ় গোঁহাইৰ ফণীয়৷ বিষয়৷ আদি ভালে যিনি ভটীয়াই পলাই গৈ ঠায়ে ঠায়ে আছিল। ইহাতে বদনে অন্যায় ভ'ৱে ৰজাৰ ওপৰত চলোৱা ক্ষমতাত, পুৰণি বিষয় আদিৰ নিৰ্যাতনত আক বদনক স্বৰ্গদেৱে পিতৃ বুঢ়া গোঁহাইৰ ঘৰত থাকিবলৈ দিয়াত ৰাজমাও আৰু অন্যান্য বিষয়া সকলৰ গা পুৰিবলৈ ধৰিলে, সেই দেখিয়েই ৰাজমাৱৰ বিশেষ প্ৰৰোচনাত ৰূপচিং বঙালে বদনক চলেৰে বধ কৰিলে। ইতি মধ্যে বদনৰ প্ৰতিপত্তিত ভয় পাই পলাই যোৱা, বুঢ়৷ গোঁহাইৰ পুত্ৰসকল কলিকতা পালেগৈ। তাত তেওঁবিলাকে ইংৰাজ কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলক অসম দেশ মানে লোৱাৰ কথ৷ কৈ, অনম ৰাজ্য উদ্ধাৰ কৰিবৰ নিমিত্তে সহায় ভিক্ষা কৰিলে। গৱৰ্ণৰ জেনেৰেলে, পৰ ৰাজ্যৰ ৰজাৰ ভিতৰৰ হাই-কাজিয়াত কোম্পানীৰ হাত দিয়৷ নিয়ম এৰা পৰিছে বুলি কৈ তেওঁবিলাকক পঠাই দিলে। উপায় নেপাই ডেকা বুঢ়াগোঁহাই সপৰিশালে ভায়েকসকল আৰু G ad