পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আজি কালি যি ডোখৰ ঠাইক আচল জামুগুৰি চাপৰি বোলে,, ঠিক সেই ডোখৰ ঠাইতেই যুদ্ধৰ হেঁচাটো ভালকৈ পৰিছিল। সেই ঠাইতে অলপ দিন- লৈকে মাটিখানিলেই সোপাসোপে মানুহৰ হাড়মূৰ লাওখোল| আদি ওলাইছিল; ৰঙা জানৰ ওপৰত থকা, মাছখোৱ। গড়ৰ পকী দলং পাৰহৈ, অলপদিনলৈকে গধূলি হোৱাৰ পৰাই গোটেই ৰাতি আৰু দুপৰীয়া, অকলশৰে মানুহ অহাযেৱ৷ কৰিবলৈ ভয় কৰিছিল। গড়ৰ নগৰীয়৷ বস্তু কোঁটোহা বাঁহ জোঁপাচেৰেক ওচৰতে আজি তিনি বছৰৰ আগলৈকে আছিল। মানুহে কাটি পেলালতো তাৰ পুলি-পোখ৷ আকৌ ওলাইছে। বুঢ়াসকলৰ মুখে শুনা যায়, প্ৰায় আঢ়ৈকুৰি বছৰৰ আগতেই, মাছথোৱা গড়ৰ সৰহ ছোৱ৷ দাঁতিত অটব্য অৰণ্য আছিল। দুইফালৰ গছৰ আগ ওলমি, মাছথোৱা গড়টে৷ ঢাকি লুংলুঙীয়া বাট কৰি থৈছিল। মামুহে এই বাটেদি ৰংপুৰলৈ যাবলৈ হলেও, দেখা শুনাকৈ হাঁহ পাৰ মাৰি এসাজ খাই যাব লগীয়া হৈলি। আনকি বৰ্তমানৰ ফৰকাল, মুকলি, আনন্দ দায়ক জামুগুৰি চাপৰিৰ হাতী লুকাই থাকিব পৰা ফুটুকা গছ গুচিবৰ ডেৰকুৰি বছৰেই হোৱা নাই। অৱশ্যে এই অৱস্থা আগেয়ে নাছিল। যেতিয়া ৰূপহী নৈয়ে, বৰ্ত্তমানৰ ক্ষেৰেঙ। আৰু ৰংপুৰ নগৰৰ পানী উলিয়াই নি, ৰংপুৰ সচাকৈয়ে ৰূপহ কৰি থৈছিল আৰু ৰাজধানীৰ ৰজা ৰাজোৱান, কোঁৱৰ কুৱঁৰীয়ে স্পৰ্শ কৰা পানী বৰনৈত পেলাই ৰূপহী নাম সাৰ্থক কৰিছিল; যেতিয়৷ বৰ্ত্তমানৰ জয়দৌলৰ ওচৰে পাছৰে থকা নলনি, খাগৰিয়নি, দলনি আৰু বিহুমেটেকানিৰ ঠাইত উন্নত নগৰৰ ফল-ফুলৰ বিতোপন বাগিছা আছিল, যেতিয়া স্বৰ্গদেও সকলৰ সু-শাসনত অংক দুৰ্দন্ত প্ৰতাপত্ত, অসম ৰাজ্য শান্তি অ' সমৃদ্ধিৰে ভন্নপূব হৈ অসমৰ সোণ পুৰ নামৰ সাৰ্থক কৰিছিল; তেতিয় স্বৰ্গদেওসকলৰ অতি অদৰৰ চাৰিং ৰাজ্যৰ মাজৰ ঘাই আলিটোৰ এনে অৱস্থ। নাছিল আৰু এই খণ্ড ঠাইত এনে অৰণ্যও নাছিল। যেতিয়া চাৰিঙৰ মাজৰ চাৰিং নৈয়ে সদায় ভোগ বিলাসত থাকি. নিঃকিন হৈ নিজৰ জীৰ্ণ- শীৰ্ণ শৰীৰ পৰ্য্যন্ত জগতক দেখুৱাবলৈ সঙ্কোচ বোধ কৰিছিল তেতিয়া চাৰিঙেও দুখ দুৰ্গতিত পৰি অটব্য অৰুণ্যেৰে নিজ দেহ ঢাকি থবলৈ চেষ্টা কৰিছিল। আমিও আগতে ঠিক সেই দুৰৱস্থাত পৰাৰ কথাহে কৈ আহিছো,—এই অৱস্থা ৰাজনৈতিক দোমোজাৰ সময়ৰ কথা—ঘৰৰ চুক কাণ চিনিপোৱা গৃহস্থৰ বহুদিনীয়া বেমাৰৰ পাচত মৃত্যু নতুন অচিনাকি গৃহস্থৰ হাতলৈ ঘৰ বাৰী আহিলে প্ৰথমতে যি অৱস্থা সাধাৰণতে হয়, আমিও ঠিক তেনে অৱস্থাৰ কথাকে কৈছে।। ৯৮