পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ ফুলপানী ছিগা বা জামুগুৰি চাপৰি নাম হোৱাৰ আগতে যা এইবোৰ ঠাইৰ নাম কি আছিল তাক কোনে জানে? ফুলপানী ছিগ৷ আৰু জামুগুৰি চাপৰি নাম হোৱা প্ৰায় দুশ বছৰৰ ভিতৰৰ কথা। আলি বা গড় ছিগি যেনি পানী চলাচল কৰে সেই ডোখৰক সাধাৰণতে ছিগা বোলে। এনে ছিগা ওচৰত থকা একোজন ডাঙৰ মানুহৰ নাম বা উপাধি অনুসৰিয়েই সাধাৰণতে হয় বুলি বোধ হয়। আগৰ এনে ছিগ৷ আজি কালি বহুতো পুতিছে যদিও তাৰ নাম একেবাৰে লোপ পোৱা নাই। এনেকুৱ৷ ছিগা, এই প্ৰধান আলিটোতে বহুত আছে; যেনে ফটিকা ছিগ!, বনমালি ছিগা, চেঙেলি ছিগা, ফুলপানী ছিগা আদি। এনে ছিগাৰ নাম অনুসৰি একোডোখৰ ঠাইৰ নামে৷ হৈ পৰে। নৈ বা জানে একোডোখৰ ওথ ঠাই বা আলি ছিঙি বাট ললেও ছিগা বোলে যেনে তামুলি ছিগা, মৰাণ ছিগা, কাৱৈ মাৰি ছিগা আদি। গড়ৰ আলিৰ ৰঙাজানৰ ‘পুল’ আৰু গড়কোষ গাৱঁৰ ভিতৰৰ, আলিৰ পূৱ দক্ষিণ পাৰৰ চাপৰিটোক জামুগুৰি চাপৰি বোলে। এই চাপৰিৰ চুকতে থকা কাৰণে জকাইচুক পথাৰৰ মূৰিয়লিত থকা আলিৰ উত্তৰ পশ্চিম ফালৰ গাওঁখনক ‘চাপৰিচুক’ বোলে। এতিয়! এই চাপৰ্চিক নাম প্ৰায় লোপ পাইছে। ঠিক জামুগুৰি চাপৰিতে থকা জাজী উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলমাটিৰ মাজত এজোপা জামুগছ আছে। সাধাৰণতে এইজোপা গছ থকাৰ নিমিত্তেই, এই চাপৰিটোক জামুগুৰি চাপৰি বোলে বুলি মানুহে কয় এইজোপা গছ বেছি দিনীয়া নয়। জামুগুৰি নামহোৱ৷ জামুজোপা বৰ্ত্তমানৰ গছ জোপাৰ পোনতে আলিৰ প্ৰায় ওপৰতে আছিল। এই জামুজোপাই তাৰ ওচৰত উত্তৰাধিকাৰী স্বৰূপে বৰ্তমানৰ গছজোপা থৈ মৰাৰ বৰ বেছিদিন হোৱা নাই। যানৰ গুি

  • হিব নোৱাৰি হুহকি অহা অসমীয়া সেনাই বোদে এই গছ জোপাৰ আঁৰ লৈ

প্ৰাণ ৰক্ষা কৰি পলাইছিল। বৰটোপৰ গুলি লাগি গছ জোপাৰ এফাল খহি গৈছিল বুলিও লোকে কোৱা শুনো। যেইহক বৰ্তমানৰ জামুজোপাই তাৰ পূৰ্ব্ব পুৰুষৰ নাম ৰাখি অনেক বাটৰুৱা, গৰথীয়া আদিৰ আশ্ৰয় থল স্বৰূপ হোৱাৰ উপৰিও, দেশৰ আৰু কালৰ সোঁতত বৈ অহা সভা সমিতি বিলাকৰ অধিৱেশনৰ স্থল হৈও সন্মান লাভ কৰিছে। ভাৰতৰ আৰু অসমৰ ডাঙৰ ডাঙৰ নেং সিকলৰ অভ্যৰ্থনাও জাঁজীবাসীয়ে ইয়াতে কৰে। এতিয়াৰ জোপা গছেও বংশ ৰক্ষাৰ কাৰণে অলপ আঁতৰতে আৰু এজোপা জামুগছ তুলিছে। গড় আলিৰ দাঁতিৰ, গড়কোষ গাৱঁৰ পূৱফালে জঙ্কাইচুক পথাৰৰ মাজেদি,