পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
ফুলপানী ছিগ৷ ৰণৰ প্ৰাসঙ্গিক কথা


গড়মূৰৰ ওচৰত চাৰিং খণ্ডৰ সীমাত মাছখোৱাৰ ঘৰ বুলি এপৰিয়াল মানুহ আছিল। তেতিয়া ৰংপুৰৰ সীমাৰ পৰা জাঁজী নৈ লৈকে এই ছোৱা চাৰি খণ্ডৰ ভিতৰত পৰিছিল। সাধাৰণতে আহোম সিংহাসনৰ উত্তৰাধিকাৰী কোঁৱৰ এই ছোৱাৰ গৰাকী হৈ থাকে। আজি-কালি ইংৰাজৰ সিংহাসনৰ উত্তৰাধি- কাৰীক যেনেকৈ ‘প্ৰিন্স অৱ ৱেলচ্’ বোলে, ঠিক সেইদৰে আহোম সিংহাসনৰ ভাবী উত্তৰাধিকাৰীকে৷ চাৰিঙ্গীয়া ৰজা বুলিছিল। অৱশ্যে দেশৰ আৰু ৰাষ্ট্ৰৰ ভাগ্য বিপৰ্য্যয়ত ইয়াৰ ব্যতিক্ৰমো যে হোৱা নাছিল তাক ক'ব নোৱাৰি। জাঁজীৰ পৰা কেন্দুগুৰি পৰ্য্যন্ত এই ছোৱাক টীয়ক খণ্ড বুলি জানিছিল। এই- দৰে ব্ৰহ্মপুত্ৰৰ উদ্ভৰে আৰু দক্ষিণে অসম ৰাজ্য খন দুভাগ কৰি প্ৰত্যেক ভাগকে খণ্ড খণ্ড কৈ ভাগ কৰি লৈছিল। আগতে ইয়াৰ অলপ ইফাল সিফাল আছিল যদিও আহোম ৰাজত্বৰ পাচৰ ছোৱাত ঠিক এনে দৰেই আছিল। আমি কৈ অহা মাছখোৱাৰ ঘৰতে এটি অতি সুন্দৰী কন্যা আছিল। কিবা কাৰণত স্বৰ্গদেৱ, জয়ধ্বজ সিংহ চাৰিং চেৰাই যাওঁতে সেই কণ্য়াটি দেখিবলৈ পালে। স্বৰ্গদেৱে ৰূপহী আৰু সৰ্ব্ব সুলক্ষণ যুক্ত কন্যাটিৰ পাণি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে। ৰজাৰ মানুহে মাছখোৱাৰ ঘৰত সেই কথা জনালত কন্যাৰ বাপেকে কলে, যদি স্বৰ্গদেৱে এটা আলি বন্ধাই সেই আলিৰ ওপৰেদি তেওঁৰ জীয়েকক নিয়াব পাৰে তেন্তে স্বৰ্গদেৱলৈ জীয়েকক দিয়াত তেওঁৰ একো আপত্তি নেথাকে। ৰজাই তাতে মান্তি হৈ এই গড় বন্ধালে আৰু তাৰ নাম মাছ- খোৱা গড় ৰাখিলে। এইটো মানুহে কোৱা কথা। ই সঁচা হক মিছা হক, জয়ধবজ সিংহ ৰজাৰ দিনতে এই আলি বন্ধোৱা কথা বুৰঞ্জীয়েও কয়। জয়ধ্বজ সিংহই ন বছৰ মাত্ৰ ৰাজত্ব কৰি খ্ৰীঃ ১৬৬৩ চনত ইহলীলা সম্বৰণ কৰে। সেই হিছাপে মাছখোৱা গড় বন্ধোৱাৰ দিন ২৮০ বছৰ মান হৈছে।

 এই মাছখোৱা গড়ৰ দাঁতিত পশ্চিমৰ শেহৰ ছোৱাৰ প্ৰায় এক ক্ৰোশ মানৰ ভিতৰতে ফুলপানী ছিগাৰ যুদ্ধ লাগিছিল। ফুলপানী ছিগাৰ নাম মানুহৰ মুখত পৰি বৰ্ত্তমান শূলপানী ছিগা হলহি৷ ফুলপানী ছিগা আৰু জামুগুৰি চাপৰিৰ মাজত বৰ্ত্তমান এখন সৰু গাওঁ বহিছে। মুঠতে এই গাওঁখনৰ ইপাৰ সিপাৰেই ফুলপানী ছিগা আৰু জামুগুৰি চাপৰি। এশ বছৰমানৰে৷ কম সময়ৰ আগত এইখন গাওঁ নাছিল। ফুলপানী ছিগাৰ যুদ্ধৰ পাচত কোম্পানিৰ দিনতহে এই গাওঁ, গাওঁমুৱা হৈ উঠিছে বুলি প্ৰমাণ পোৱা যায়। সেইদেখি বৰ্ত্তমানৰ জামুগুৰি চাপৰি আৰু ফুলপানী ছিগাৰ ভিতৰত সীমাৰ একে৷ নিদ্দিষ্টতা নাছিল।