পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগা ৰণৰ প্ৰাসঙ্গিক কথা অসমৰ স্বাধীনতাৰ শেষ শতাব্দীত অসমীয়া আৰু মানৰ ভিতৰত যিবিলাক যুদ্ধ লাগিছিল তাৰ ভিতৰত ফুলপানী ছিগাব ৰণো লেখত লব লগীয়া। অসমৰ স্বাধীনতা বেলি মাৰ যোৱা, মহগড়ৰ হিয়৷ বিদৰ| পৰিণতিপূৰ্ণ সমৰৰ আগতে ফুলপানী ছিগাত লগা ৰণৰ পৰিণতিও অসমৰ ভাগ্য আকাশত কালিমা- সনা অন্যতম ক'ল৷ ডাৱৰ সাধাৰণতে চলিত বুৰঞ্জী বিলাকত এই যুদ্ধৰ বিষয় যেনেদৰে থাকিব লাগিছিল তেনেদৰে নাই। লিখিত অৱস্থাত আৰু মানুহৰ মুখত এই যুদ্ধক ফুলপানী ছিগা, মাছখোৱা গড় বা জামুগুৰি চাপৰিৰ ৰণ বুলি কোৱ৷ শুনিবলৈ পোৱা যায়। ফুলপানী ছিগা নাম থকাৰ সময়ত জামুগুৰি নামটোও থকা হলে আৰু যুদ্ধৰ সময়ত এই একে ফুলপানী ছিগ৷ নামে জামু- গুৰিকো নেসামৰা হলে এই যুদ্ধৰ নাম জামুগুৰি চাপৰিৰ ৰণ বুলিহে থাকিল হেঁতেন। তিনিটা নামেৰে একেখন যুদ্ধৰ কথা কোৱাত বিশেষ ভুল ধৰিবলৈ একো নাই কাৰণ সহমৰ সোঁতত একেখন ঠাইৰ তিনিটা নামে প্ৰাধান্য লাভ কৰি আহিছে। মাছথোৱ৷ গড়কে গড়িলা লৈ এই যুদ্ধ হোৱাৰ নিমিত্তে ইয়াক মাছখোৱা গড়ৰ ৰণ বোলে। এই মাছখোৱা গড় জয়ধ্বজ সিংহ স্বৰ্গদেৱে বন্ধায়। অসমৰ দক্ষিণ চেউনী আলিৰ গৌৰীসাগৰৰ পৰ৷ বৰ্তমানৰ জাজীনৈৰ দলং পৰ্য্যন্ত যি ছোৱ৷ আলি, তাকে মাছখোৱা গড় বা মাছখোৱা গড়ৰ আলি বোলে। জাঁজীৰ দলঙৰ ওচতে এই আলিৰ মূৰ পৰা নিমিত্তে ঠাইডোখৰক গড়মূৰ বোলে, কোনোৱে কোনোৱে আলিৰ মূৰো বোলে। এই গড়ত্ব মূৰতে মাছখোৱ৷ গড়, পুৰণি চেউনী আলি, জঁাজীনৈ আদি গোটথাই যোৰহ ট আৰু শিৱসাগৰ দুটা মহকুম! ফলাৰ উপৰিও একেলগে পাঁচোটা যৌজাৰ সঙ্গমস্থল হৈছে। এজন মামুহে ইচ্ছা কৰিলে পাঁচ মিনিট মানৰ ভিতৰতে দুটা মহকুমা আৰু পাঁচোটা মৌজাত ভৰি দিব পাৰে। এনে ঠাই সাধাৰণতে পোৱা নাযায়। অপ্ৰাসঙ্গিক যদিও এই প্ৰৱন্ধ লিখাৰ ছেগতে, প্ৰৱন্ধত পোনপটীয়াকৈ আৱশ্যক নোহোৱা দুই চাৰিটা কথা লিপিবদ্ধ কৰিব লাগিব। প্ৰথমতে মানুহৰ মুখে মুখে চলি অহা মতে মাছথোৱা গড়ৰ কথাকে কব লাগিব। মানুহে কয়