সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৮
প্রাথমিক প্রতিবিধান
 


যদি কোনো উপৰুৱা বস্তু থকা সন্দেহ কৰা বা হাড় ভাঙিছে বুলি ভাবা তেন্তে, ঢিলাকৈ বান্ধিবা ৷ ১২। আহত অঙ্গ ওলোমাই থবা। ভেৰিক’জ ভেইন (Varicose veins) পৰা তেজবোৱা । নিগাজীকৈ বহল হোৱা বা অতিকৈ প্ৰসাৰিত হোৱা শিবক তেৰিক’জ ভেইন বোলা হয় । এই শিৰবোৰৰ স্থিতিস্থাপক ( বা ৰবৰৰ দৰে টানিলে দীঘল হোৱা আৰু এবিলেই আকৌ কোচ থোৱা ) শক্তি লোপ পায়। শিব যেনি গৈছে, তাত ঠায়ে ঠায়ে মণিৰ নিচিনা ঘুৰণীয়া উঠঙা গুটি গুটি দেখা যায় । বেচিকৈ থিয় দি থকা বা আঁটথোৱা গাৰ্টাৰ (garter) পিন্ধা আদি বিবিধ কাৰণৰ হেতুকে সাধারণতঃ ভৰিৰ শিৰবোৰেই তেৰিক'জ হোৱাৰ সম্ভাৱনা । ইয়াৰ প্ৰথম ফল হৈছে তাতবোৰে অতিৰিক্ত কাম কৰিব লাগে আৰু ভাত- বোৰৰ পাচফালে মোনাত তেজ গোট খোৱাৰ পৰা মণিৰ দৰে উঠঙাবোৰৰ সৃষ্টি হয় । এসময়ত শিডাল ইমান বহল হয় যে ভাল্‌ভবোৰ অকামিলা হয় ; তেভিয়া তেজ উভতিয়ো বয়। গতিকে ভেৰিক'জ ভেইন ছিঙিলে ঘাৰ দুয়োফালৰ পৰাই ভেজ বয় । প্রতিবিধান : ১। ৰোগীক শুৱাই পেলোৱা আৰু হাড় নেতাঙিলে ভৰিখন এনেকৈ ওপৰলৈ দাঙ৷ যেন গাৰ লগত এটা সমকোণ হয় । ২ । ঘাডোখৰ উদঙোৱা । ৩। তেজবোৱা ঠাইডোখৰত আঙুলিৰে চাপ দিয়া । ৪। অঙ্গ চেপা খোৱা গাৰ্টাৰ আদি থাকিলে সোলোকোৱা । ৫। হৃদপিণ্ডৰ পৰা দূৰতৰ ফালে ঘাডোখৰত দৃঢ়ভাৱে এটা বেণ্ডেজ প্রয়োগ কৰা । ৬। ঘাডোখৰ আৰু হৃদপিণ্ডৰ মাজত আৰু এটি দ্বিতীয় বেণ্ডেজ প্রয়োগ কৰা। ৭। ঘডোখৰত আৰু চাৰিও দাঁতিয়ে কোনো বীজাণুনাশক দৰব লগাই দিয়া আৰু এটা শুকান ড্রেচিংৰে ঢাকি দিয়া । ৮। কপাহ, লিণ্ট বা আন কোনো কোমল বস্তুৰে ড্রেচিংটো ঢাকি দিয়া ।