১৬ প্ৰাথমিক প্ৰতিবিধান স্বচ্ছন্দে সোমাবলৈ ই অতি উপযোগী। হাড়ডালৰ তলডোখৰ ক্ৰমশঃ বহল হৈ গৈ, আঠুৰ জোৰা গঢ়াত সহায় কৰিছে। আঁঠুৰ ঘিলা (Knee cap ) — ইয়াক পেটেলা (Patella ) বোলে। ঘিলাটো চেপেটা তিনিকুণীয়া এডোখৰ হাড়; ই গুৰিফাল ( base) ওপৰলৈ কৰি আঁঠুৰ জোৰাৰ সম্মুখত, ছালৰ তলত লুকাই থাকে। ভৰিৰ হাড় (Bones of the leg ) – ভৰিৰ হাড় দুডাল; এডালক টি বিয়া ( Tibia ) আৰু আনডালক ফিবুলা (Fibula) বোলে। টিবিয়াডাল আঠুৰ পৰা ভৰিৰ সৰু গাঁঠিলৈকে জুৰি আছে, আৰু এই দুই জোৰা গঠন কৰাত ই এক প্ৰধান অংশীদাৰ। ভৰিৰ সম্মুখত চুই চালে ছালৰ তলত ইয়াৰ ( চোকা ) দাঁতি ( margin ) অনুভৱ কৰিব পাৰি। টিবিয়াৰ বাহিৰ- ফালেহে ফিবুলা বোলা হাড়ডাল থাকে। আঁঠুৰ জোৰা গঠনত ইয়াৰ কোনো অংশ নাই। কিন্তু ইয়াৰ তলৰ আগটোৱে সৰু গাঠিৰ বাহিৰ ফাল গঠন কৰিছে। ৭নং চিত্ৰত বাঁও ভৰিৰ হাড়বোৰ, কৰঙ্গনৰ হাড়, বস্তিৰ জোৰা দেখুৱা হৈছে। তলত দিয়া হাড়ৰে ভৰিৰ পতা গঠিত— ১। ভৰিৰ দেওনা ( Instep ) সাতডাল অসমান হাড়ৰ সমষ্টি। ইহঁতক টাৰ্চাচ ( Tarsus ) বোলে। ইয়াৰ ডাঙৰ ডালেই গেবোৱা হাড় ( Heel bone ) আৰু উচ্চতম (যাক সৰু গাঁঠি হাড় বোলে ) হাড়ডালে সৰু গাঁঠিৰ তলৰ অংশ গঠন কৰে। ২। টাচাচৰ আগত পাঁচডাল দীঘল হাড় আছে; ইহঁতক মেটাটাৰ্চাচ ( Metatorsus ) বোলে। ইহঁতেই আঙ লিৰ অৱলম্বন। ৩। আঙুলিৰ হাড় বা ফেলেঞ্জেচ, বুঢ়া আঙুলিত দুডাল; আঙুলিত তিনিডালকৈ আছে। আন জোৰা ( Joints) দুডাল বা ততোধিক হাড়ৰ সংযোগত এটা জোৰা গঠিত হয়। ক ৰঙ্গন, আঁঠু, কিলাকুটি ইত্যদি জোৰাত কাৰ্টিলেজ বা উপাস্থিয়ে হাড়বোৰ আচ্ছাদন কৰি ৰাখিছে৷ এনে হোৱাত হাড়বোৰৰ পৰস্পৰৰ মাজত ঘঁহনি কম হয় আৰু পৰি আঘাত পালেও আঘাতৰ গুৰুত্ব কম হয়। জোৰা গঁথা হাড়বোৰৰ
পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/৩০
অৱয়ব