১৪ প্ৰাথমিক প্ৰতিবিধান ৩। আঙুলিহাড়ক ফেলেঞ্জ (Phalanges) বোলা হয়। বুঢ়া আঙুলিৰ বাহিৰে প্ৰত্যেক আঙুলিতে তিনি ডালকৈ ফেলেঞ্জ আছে। বুঢ়া আঙুলিত কেৱল দুডালহে। চিত্ৰত দেখুওৱা অংশসমূহ :- Part of Collar Bone (Clavicle) Shoulder Blade (Scapula) Arm Bone (Humerus) Bones of Forearm (ULNA | RADIUS Wrist (Carpus ) Metacarpus Phalanges ৫ নং চিত্ৰ ৬নং চিত্ৰ Radius Ulna কলা'ৰ ব'নৰ অংশ (ক্লেভিকোল ), কান্ধৰ ছটাহাড় (স্কেপুলা), বাহুৰ হাড় (হিউমেৰাচ ), আগহাতৰ হাড় (আল্না আৰু ৰেডিয়াচ ), সৰুগাঁঠি ( কাৰ্পাচ ), মেটাকাৰ্পাচ, ফেলেঞ্জ। ৫নং চিত্ৰত বাওঁহাতৰ ওপৰ অংশৰ হাড় দেখুওৱা হৈছে। বুঢ়া আঙুলি ভিতৰলৈ কৰিলে ৰেডিয়াচ আৰু আনাৰ স্থানান্তৰিত অৱস্থা ৬নং চিত্ৰত চোৱা। ইয়াৰ লগত ৫নং চিত্ৰত বুঢ়া আঙুলি বাহিৰফাল হৈ থকা অৱস্থা বিজোৱা। বস্তি ( Pelvis )—কৰঙনৰ হাড় ছডাল ( Haunch bones ), চেক্ৰাম আৰু কক্সিক্স গোটখাই মেৰুদণ্ডৰ শেষ খণ্ডত এটা বাটিৰ আকাৰ ধাৰণ
পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/২৮
অৱয়ব