ঊৰ্দ্ধাঙ্গ
কান্ধৰ হাড় দুডাল; ডিঙিৰ তলত থকা উঠা হাড়ডালক কলাৰ ব’ন (Collar bone) বা ক্লেভিকোল (Clavicle) আৰু পিঠিফালৰ তিনিকুণীয়া ছটাহাড় ডালক, কান্ধৰ ছটাহাড় (Shoulder blade) বা স্কেপুলা (Scapula) বোলা হয়।
কলাৰ ব'ন বা ডিঙি-হাড় হৈছে ডিঙিৰ গুৰিত। আঙুলি এটাৰ সমান শলিৰ দৰে মোটা এই বেকা হাড়ডাল সমুখৰ ফালে ছালেৰে ঢাক থাই আছে। ইয়াৰ ভিতৰৰ বুকুহাড়ৰ ওপৰ অংশত সংলগ্ন আৰু বাহিৰৰ কান্ধৰ ছটাহাড় বা স্কেপুলাৰ লগত সংলগ্ন।
কান্ধৰ ছটাহাড় বা স্কেপুলা—পিঠিৰ ওপৰভাগত দাঁতিলৈ থকা হাড়ছটাকে স্কেপুলা বোলা হয়। ই কলাৰ ব'ন (Collar bone) আৰু বাহুৰ হাড়ৰ লগত সংলগ্ন।
বাহুৰ হাড়—ইয়াক হিউমেৰাচ (Humerus) বোলে, আৰু কান্ধৰ পৰা কিলাকুটিলৈ জুৰি থাকে।
আগহাতত (Forearm) দুডাল হাড় আছে; এডাল বাহিৰফালে বা বুঢ়া আঙুলি থকা ফালে; ইয়াক ৰেডিয়াচ (Radius) বোলা হয়, আৰু আনডাল ভিতৰফালে বা কেঞা আঙুলি থকা ফালে; ইয়াক আল্না (Ulna) বোলা হয়। দুয়োডাল কিলাকুটিৰ পৰা হাতৰ সৰু গাঁঠিলৈকে জুৰি আছে, আৰু হাতখন ঘুৰালেই সিহঁতৰ পৰস্পৰ স্থান সলনি হয় ( ৫ আৰু ৬ নং চিত্ৰ )।
হাতখন (Hand) তলত দিয়া হাড়ৰে গঠিত—
১। সৰু গাঁঠিৰ হাড় ৮ ডাল; প্ৰত্যেকতে চাৰি ডালকৈ ইহঁত দুশাৰীত সজোৱা। ইহঁতক কাৰ্পাচ (Carpus) বোলা হয়।
২। হাতৰ তলুৱাখনৰ সঁজাটোত পাঁচ ডাল হাড় আছে। ইহঁতক মেটাকাৰ্পাচ (Metacarpus ) বোলা হয়। আঙুলিৰ হাড়বোৰ ইহঁতে অৱলম্বন কৰি আছে।