২ নং চিত্ৰত ( লাওখোলা আৰু মেৰুদণ্ড ) সোঁফালৰ কামিহাড় আঁতৰাই বাঁওফালৰ কামিহাড় আৰু বুকুহাড় দেখুৱা হৈছে। ৩নং চিত্ৰত থোৰাচিক ভাৰ্টিব্ৰা আৰু মেৰু স্নায়ুৰ ৰন্ধ্ৰ, আৰু ৪ নং চিত্ৰত কামিহাড় লাগি থকা স্থান আদি দেখুৱা হৈছে।
ভাৰ্টিব্ৰাৰ ওপৰ তিনি ভাগৰ গোটাহাড়ৰ পৰস্পৰৰ মাজত ডাঠ অপৈনত হাড় বা উপাস্থি যাক কাৰ্টিলেজ [ Cartilage ] বোলা হয় আছে। উপাস্থি থকাৰ কাৰণেহে মেৰুদণ্ডই স্বচ্ছন্দে এডাল হাড়ৰ দৰে লৰচৰ কৰিব পাৰে আৰু ই থকাৰ কাৰণেই কোনো আকস্মিক আঘাত পালেও ( ধৰা, কোনো ওখ ঠাইৰ পৰা ভৰিৰ ওপৰত ভৰ দি পৰিলে ) গুৰুত্ব লাঘৱ হয়। গোটেই মেৰুদণ্ডডাল আগৰ পৰা গুৰিলৈকে সৰু সৰু তত্ত্বময় পেশীৰ ( Ligaments ) বান্ধনিৰে অঁটা আছে।
কামিহাড় আৰু বুকুহাড়
থোৰাচিক (Thoracic) ভাৰ্টিৱাৰ পৰা ওলাই শৰীৰৰ সন্মুখলৈকে ১২ জোৰা বেকা হাড় আছে; ইহঁতকে আমি কামিহাড় (Ribs) বোলোঁ। ইহঁতক প্ৰথম, দ্বিতীয়কৈ ওপৰৰ পৰা গণি নাম দিয়া হৈছে। কামিহাড়- বোৰ আগৰে পৰা গুৰিলৈকে অস্থিময় নহয়। শৰীৰৰ সন্মুখ পোৱাৰ কিছুদূৰ আগৰে পৰা ইহঁত কাৰ্টিলেজ বা উপাস্থিৰে গঠিত। ওপৰৰ সাতজোৰাক প্ৰকৃত (True) কামিহাড় বোলা হয়; ইহঁত উপাস্থিৰে বুকুহাড়ৰ লগত সংলগ্ন। বুকুহাড় ডালক ষ্টাৰ্ণাম (Sternum) বোলা হয়। আকৃতিত ই ডেগাৰ (Dagger) সদৃশ। ইয়াৰ জোঙা মূৰটো তললৈ নামি ঠিক কড়িৰ ওপৰ পাইছেহি। তলৰ পাঁচজোড়া কামিহাড়ক কৃত্ৰিম (False) কামিহাড় বোলে। এই পাঁচজোৰাৰ ওপৰ তিনিজোৰা উপাস্থি বা কাৰ্টিলেজৰে ইহঁতৰ ওপৰত থকা কামিহাড়ৰ লগত সংলগ্ন। শেহৰ দোজোৰা অসংলগ্ন অৱস্থাত থাকে আৰু ইহঁতক ভাহি থকা (Floating) কামিহাড় বোলে। কামিহাড়ে বুকুখন আগুৰি থাকে আৰু হাঁওফাও, হৃৎপিণ্ড, যক্বৎ, পাকস্থলী, প্লীহা ইত্যাদি ৰক্ষা কৰে।