পোৰা ( Burns ) - পুৰিলে ততালিকে ড্ৰেচিং প্ৰয়োগ কৰা অতি আৱশ্যকীয়, কিয়নো সোনকালে বায়ুৰ সংসৰ্গ বোধ কৰিলে যন্ত্ৰণা লাঘৱ হয়। ইয়াৰ কাৰণে বাকচত থকা বীজাণুনাণিত কপাহ-উল ব্যৱহাৰ কৰিব পাৰি; কিন্তু পোৰা-ঘাৰ কাৰণে পিক্ৰিক এচিদ- সিক্ত ( Impregnated with Picric Acid) বিশেষ ড্ৰেচিং পোৱাৰ সম্ভাৱনা থকা স্থলত বাকচত ভৰাই থোৱা হয়। তেল বা চৰ্বি আদি ব্যৱহাৰ কৰিব নেলাগে। যদি কোনো চোকা এচিদ বা ক্ষাৰে পোৰে, তেন্তে ড্ৰেচিং প্ৰয়োগ কৰাৰ আগতে পোৰা- ডোখৰ প্ৰচুৰ পানীৰে ধুই লব লাগে।
চকুৰ অনিষ্ট (Injuries to the Eye ) – দুই শ্ৰেণীৰ চকুৰ অনিষ্টৰ কাৰণে ব্যৱস্থা থকা উচিত।
(ক) চকুত কুটা পৰিলে – প্ৰাথমিক প্ৰতিবিধান পত্ৰিকাত বৰ্ণোৱা ১ নম্বৰ চলিউচন অলপ বুকজত লগাই চকুটো ধীৰে ধীৰে বুৰুজ কৰি দিয়াইহে একমাত্ৰ অনুমেয় প্ৰাথমিক চিকিৎসা, যাৰ ফলত যন্ত্ৰণা লাঘব হয় আৰু সম্ভৱ হলে কুটাও বুজত লাগি ওলাই আহিব পাৰে। ইয়াৰ অধিক চিকিৎসা কেৱল ডাক্তৰেহে কৰিব; আনে কুটা আঁতৰাবলৈ আন কোনো উপায়ে চেষ্টা কৰা অনুচিত।
(খ) ক্ষাৰ বা এচিদ চিটিকি পৰি পুৰিলে—এই ক্ষেত্ৰত চকুটো বীজাণু-নাশিত পানীৰে ভালকৈ ধুই দিব, তাৰ পাচত প্ৰাথমিক প্ৰতিবিধান পত্ৰিকাত বৰ্ণোৱা ২ নং চলি উচনৰ কেইটোপমান চকুত ঢালি দিব। দেখাত গুৰুতৰ হওক বা নহওক, চকুৰ কোনো অনিষ্টকে উলঙ্ঘা কৰিব নালাগে।
এম্বুলেঞ্চ ঘৰ (Ambulance Room )
৫০০ বা ততোধিক বহুৱাই কাম কৰা ঠাইত গবৰ্ণমেণ্টৰ আদেশমতে এটা এম্বুলেঞ্চ ঘৰৰ ব্যৱস্থা থকা দৰ্কাৰ। ইয়াৰ স্থান, গঠন, আকাৰ, সঞ্জাম-পাতি আৰু ৰোগীক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা আদি, কিমান ৰোগী ৰাখিবৰ কাৰণে নিৰ্ম্মাণ কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। এম্বুলেঞ্চ ঘৰ এটি সুকীয়া ঘৰ হোৱা আৱশ্যক; ই চিকিৎসা আৰু বিশ্ৰামৰ কাৰণে ব্যৱহৃত হোৱা উচিত আৰু ইয়াৰ মজিয়া প্ৰায় ১০০ বৰ্গফুট হোৱা দৰ্কাৰ। মজিয়া আৰু দেৱাল নিমজ, টান আৰু পানী নসৰকা হব