সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাৰে৷ ৰোগীৰ আঘাত বা অসুস্থতাৰ কোনো কাৰণ এইবোৰৰ লগত সংশ্লিষ্ট থকা বুলি সন্দেহ কৰিলেই, উপস্থিত সঙ্কটত যিমানদূৰ সম্ভৱ সেইদৰে পোৱা বস্তু পৰীক্ষা কৰি চাব লাগিব আৰু ভবিষ্যতে তাৰ কোনো প্ৰয়োজন হব পাৰে ভাবি বস্তুটো ভালকৈ ৰাখি থব লাগিব৷

 (গ) কি সাহায্য পোৱা যাব - সি নিৰ্ভৰ কৰে প্ৰথমতঃ উপযুক্ত সাহায্যকাৰীৰ উপস্থিতি আৰু সন্নিকটতাৰ ওপৰত; দ্বিতীয়তঃ কি বিচাৰ- ক্ষমতা, স্পষ্টভাষীতা আৰু বুদ্ধি-কৌশলেৰে তেওঁলোকক চলোৱা হয়—তাৰ ওপৰত। এইবোৰ গুণ পৰিচালন কৰি কৌতুহলপূৰ্ণ দৰ্শকমণ্ডলীক এনে- ভাৱে শাসন কৰিব আৰু খটাব পাৰি যে তেওঁলোকেই ৰোগীৰ পুনৰুদ্ধাৰৰ সহায়ক হয়।

 (ঘ) সৰঞ্জাম-পাতি—সৰঞ্জাম-পাতি ওচৰতে পোৱা যাবও পাৰে বা নেযাবও পাৰে; যদি পোৱা নেযায় তেত্তে প্ৰাথমিক প্ৰতিবিধানকাৰীয়ে নিজে উপায়-সন্ধি কৰি অস্থায়ী সৰঞ্জাম সাজি লব। এই কিতাপত যিবোৰ দিহা আৰু দৃষ্টান্ত দিয়া হৈছে তাক প্ৰতিবিধানকাৰীয়ে আদৰ্শৰূপে মানিব। বহু সময়ত সৰঞ্জামৰ অভাৱত ইয়াত বৰ্ণোৱা দৰে চিকিৎসা আদিৰ বিধান কৰা সম্ভৱপৰ হৈ নুঠে৷ তেনে ক্ষেত্ৰত উপস্থিত অৱস্থাত যিমানদূৰ সম্ভৱ কিতাপত দিয়া চিকিৎসাৰ মূল নীতি মানি চলিলেই হব।

 (ঙ) আশ্ৰয়-সূৰ্য্যৰ প্ৰথৰ ৰশ্মিৰ পৰা বা বতাহ বৰষুণৰ প্ৰভাৱৰ পৰা ৰোগীক ৰক্ষা কৰিবলৈ কোনো প্ৰকাৰ বস্ত্ৰাবৰণ, ছাটি প্ৰভৃতিকো আশ্ৰয় বোলা হয়; কোনো ঘৰ, আস্পতাল আদিতো আশ্ৰয় হয়েই।

 (চ) স্থানান্তৰিত কৰিবৰ উপায়—ঘটনাস্থলৰ পৰা ৰোগীক আশ্ৰয়লৈ নিয়াৰ সৰ্ব্বোত্তম উপায় চিন্তা কৰিলেই সৰঞ্জামৰ কথা, পথৰ দূৰত্ব, পথৰ অৱস্থা, ৰোগীক নিবলৈ যি সহায়-সুবিধা পোৱা হৈছে সৰ্ব্বোত্তমভাৱে তাক ঘটোৱাৰ উপায়, আৰু ৰোগীৰ পাচৰ শুশ্ৰূষা আদিৰ বন্দোৱস্তৰ কথা মনলৈ আহে। ৰোগীক নিজ ঘৰলৈ নিব লগা হলে এনে কৌশলৰে খবৰ পঠাব লাগে যাতে আত্মীয়বৰ্গও উৎকণ্ঠিত নহয় আৰু ৰোগীৰ শুশ্ৰূষাৰো উপযুক্ত বন্দোৱন্ত হৈ থাকে।