(চ) তেওঁ বিচাৰক্ষম ( Discriminating) হব লাগিব । অৱস্থা বিশেষত কোনটো প্ৰথমে হাতত লোৱা উচিত তেও বাচিব পাৰিব লাগিব ।
(ছ) তেওঁ অধ্যৱসায়ী ( Persevering ) হব লাগিব ; প্রথমতে কৃতকাৰ্য্য নহলেও চেষ্টাৰ ত্ৰুটী কৰিব নালাগিব ।
(জ) তেওঁ সহানুভূতিসম্পন্ন ( Sympathetic) হব লাগিব, যাতে তেওঁ পীড়িতজনক যথার্থ সুখ আৰু উৎসাহ দিব পাৰে ।
প্রাথমিক প্রতিবিধানৰ মূল নীতি।
প্রাথমিক প্রতিবিধানকাৰীয়ে তলত দিয়া বিষয়বোৰ জনা উচিত :—
( ক ) সুদক্ষ আৰু সুনিপুণভাৱে চিকিৎসা কৰিবলৈ ৰোগৰ প্ৰকৃতি নিৰ্ণয় কৰা ; আন কথাত কি কি বিষয়ত ৰোগীৰ প্রাথমিক প্রতিবিধান হব পাৰে তাক সম্পূর্ণভাৱে বুজি লোৱা ।
(খ) কিমান দূৰ আৰু কিভাৱে চিকিৎসা হব পাৰে তাক স্থিৰ কৰা ।
(গ) চিকিৎসকৰ সাহায্য আহি নোপোৱালৈকে সেই ক্ষেত্ৰত সৰ্ব্বোপযোগী কি চিকিৎসা হব পাৰে তাক কৰা ।
আহতজনৰ সমস্ত ঘটনা তলত দিয়া দৰে বিবেচনা কৰা উচিত :—
১। এজন বা ততোধিক ৰোগী—ইচ্ছা কৰিয়েই হওক বা ঘটনা- ক্রমেই হওক ৰোগী কি অৱস্থাত পৰি থাকে তাক লক্ষ্য কৰিব লাগে । একে সময়তে কেইবাজনৰো চিকিৎসাৰ দৰ্কাৰ হব পাৰে ; এনে অৱস্থাত প্রত্যেক ৰোগীৰে যিবিলাক প্রতিবিধান সর্ব্বাগ্রে পোৱা আৱশ্যক তাক বিচাৰ কৰি প্রত্যেককে সেইমতে প্রতিবিধান কৰিবলৈ যত্নৱান হব লাগে ৷
২৷ চিহ্ন, লক্ষণ আৰু বুৰঞ্জী — স্বাভাৱিক অৱস্থাৰ পৰা ৰোগীৰ শাৰীৰিক পার্থক্য—যেনে শেঁতা পৰা, ৰক্তাধিক্য, উখহা, অঙ্গবিকৃতি ইত্যাদি যিবোৰ দৃষ্টি, স্পর্শ, ঘ্রাণ আৰু শ্ৰৱণ আদি ইন্দ্ৰিয়ৰ প্ৰত্যক্ষ প্রয়োগ দ্বাৰা বুজিব পৰা যায় তাকেই ‘চিহ্ন’ বোলা হয়। বিষ, অৱসতা, মূৰ-ঘূৰণি, ভোক লগা আদি যিবোৰ অনুভূতি, জ্ঞান থাকিলে ৰোগীয়ে নিজে বর্ণাব পাৰে তাকে ‘লক্ষণ’ বোলা হয়। খুন্দা থোৱা বা পৰা বা কোনো বিশেষ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা আদি দুর্ঘটনা বা আকস্মিক অসুস্থতাৰ কাৰণাদিৰ বিৱৰণ ৰোগী নতুবা দর্শকবৃন্দৰ পৰা জানিব পৰা যায়। এইবিলাককে ‘বুৰঞ্জী’ বোলা হয়। লক্ষণ চিহ্নতকৈ কম বিশ্বাসযোগ্য, কাৰণ কোনো ৰোগীয়ে