সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

প্রথম আধ্যা

প্রাথমিক প্রতিবিধানৰ এটি আঁচনি।

প্রাথমিক প্রতিবিধান কাক বোলে ।

 প্রাথমিক প্রতিবিধানৰ জ্ঞান অস্ত্ৰ আৰু সাধাৰণ ঔষধৰ চিকিৎসাৰ মূল নীতিৰ ওপৰতে প্রতিষ্ঠিত। ইয়াৰ জ্ঞান থাকিলে আকস্মিক দুর্ঘটনা বা অসুস্থতাত অশিক্ষিত জনেও এনে সুনিপুণ সাহায্য প্রদান কৰিব পাৰে যাৰ ফলত জীৱন ৰক্ষা পাব পাবে, পুনৰুদ্ধাৰৰ সূচনা হব পাৰে ; নাইবা ডাক্তৰ আহি নোপোৱালৈকে বা স্থানান্তৰ কৰোতে, আঘাত বা অৱস্থা বিষম হোৱাৰ পৰা ৰক্ষা পাব পাৰে ।

 বিপদ বা দুৰ্ঘটনাৰ সময়ত হাতৰ ওচৰতে পোৱা বস্তুৰে সহায় প্রদান কৰাই হৈছে প্ৰাথমিক প্ৰতিবিধানৰ কাৰ্য্য-পৰিধি । চিকিৎসকৰ স্থান অধিকাৰ কৰা প্ৰাথমিক প্ৰতিবিধানকাৰীৰ অভিপ্ৰায় নহয় । জখম আদিৰ পুনৰ ড্ৰেচিং আৰু অন্যান্য চিকিৎসা-পাতি কৰা যে প্ৰতিবিধানকাৰীৰ কৰ্ত্তব্য নহয় তাক স্পষ্টকৈ বুজা উচিত ।

 চিকিৎসকৰ সাহায্য পালেই প্রাথমিক প্ৰতিবিধানকাৰীৰ দায়িত্ব অন্ত পৰে ; কিন্তু চিকিৎসকক ৰিপোৰ্ট দিও, তেওঁ আন সাহায্যৰ বাবে অপেক্ষা কৰিব৷

প্রাথমিক প্রতিবিধানকাৰীৰ আৱশ্যকীয় গুণসমূহ ।

 সুদক্ষভাৱে সাহায্য প্ৰদান কৰাত সক্ষম হবলৈ হলে প্রাথমিক প্রতিবিধানকাৰীৰ তলত দিয়া গুণসমূহ থকা উচিত :-

 (ক) তেওঁ পৰ্য্যবেক্ষণ শক্তিসম্পন্ন ( Observant ) হব লাগিব,যাতে তেওঁ আঘাতৰ কাৰণ আৰু চিনবিলাক সহজে ধৰিব পাৰে ।